ETV Bharat / international

সাময়িকভাৱে বাতিল কৰা হৈছে কাবুল বিমানবন্দৰত বিমানৰ উৰণ-অৱতৰণ

হামিদ কাৰ্জাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সৃষ্টি হোৱা অভাৱনীয় যাত্ৰীৰ ভীৰৰ প্ৰতি লক্ষ্য ৰাখিয়ে বিমানবন্দৰটোত সাময়িকভাৱে বাতিল কৰা হৈছে বিমানৰ উৰণ আৰু অৱতৰণ ৷ তালিবানৰ আফগানিস্তান দখলৰ পিছৰ পৰাই দেশ ত্যাগ কৰিব বিচৰা লোকসকলে ভীৰ কৰি আহিছে বিমানবন্দৰত ৷

author img

By

Published : Aug 24, 2021, 12:01 PM IST

Kabul airport suspends operations till further notice
সাময়িকভাৱে বাতিল কৰা হৈছে কাবুল বিমানবন্দৰত বিমানৰ উৰণ-অৱতৰণ

ইন্টাৰনেশ্যনেল ডেস্ক, 24 আগষ্ট : সাময়িকভাৱে বাতিল কাবুল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা সকলো ধৰণৰ বিমানৰ উৰণ আৰু অৱতৰণ ৷ বিমানবন্দৰত অত্যাধিক লোকৰ ভিৰ হোৱা বাবে পৰৱৰ্তী নিৰ্দেশ প্ৰদান নকৰা পৰ্যন্ত বাতিল কৰা হৈছে বিমানসমূহৰ উৰণ-অৱতৰণ ৷

সোমবাৰে কেন্দ্ৰীয় বিমানবন্দৰ প্ৰাধিকৰণে এই সন্দৰ্ভত বিবৃতি প্ৰকাশ কৰি কয়, "পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত হামিদ কাৰ্জাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বাতিল কৰা হৈছে সকলো বিমানৰ চলাচল ৷ দেশখনৰ বিভিন্ন প্ৰান্ত তথা বিদেশলৈ যাবলৈ অপেক্ষাৰত যাত্ৰীসকলক বিমান চলাচল পুনৰ আৰম্ভ কৰাৰ পূৰ্বে জনোৱা হ’ব ৷ বিমানবন্দৰত সৃষ্টি হোৱা অভাৱনীয়া যাত্ৰীৰ ভীৰৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ "

আফগান বিমানবন্দৰ প্ৰাধিকৰণে অতি শীঘ্ৰে বিমানসমূহৰ উৰণ আৰু অৱতৰণ আৰম্ভ কৰিবলৈ যৎপোৰনাস্তি চেষ্টা অব্যাহত ৰখা বুলিও বিবৃতিত প্ৰকাশ কৰা হৈছে ৷ উল্লেখ্য যে, যোৱা 15 আগষ্টত তালিবানী যোদ্ধাসকলে আফগানিস্তানৰ ৰাজধানী কাবুল দখল কৰাৰ পিছতে আফগানিস্তান এৰিবলৈ দেশখনৰ নাগৰিকসকলে বিমানবন্দৰত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰি আহিছে ৷

ইতিমধ্যে কেইবাখনো দেশে আফগানিস্তানত আৱদ্ধ হৈ থকা নিজৰ নিজৰ দেশৰ নাগৰিক সকলৰ লগতে বিভিন্ন বিষয়াসকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : আফগানিস্তানৰ পৰা স্থানান্তৰৰ সময়ত বিমানতে সন্তান প্ৰসৱ আফগান মহিলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.