ETV Bharat / international

দক্ষিণ চীন সাগৰক লৈ চীনক সাৱধানবানী জাপানৰ

author img

By

Published : Oct 20, 2020, 3:54 PM IST

জাপান আৰু ভিয়েটনামৰ মাজত সম্পাদিত চুক্তিয়ে দক্ষিণ চীন সাগৰত চীনৰ আগ্ৰাসনক লৈ প্ৰৱল প্ৰত্যাখান কৰিছে ৷ জাপানৰ প্ৰধানমন্ত্ৰীয়ে এই চুক্তিৰ দ্বাৰা দুয়োখন দেশৰ মাজৰ সুৰক্ষাগত দিশটো উন্নত কৰাৰ বিষয়ে উল্লেখ কৰিছে ৷ চুক্তিৰ দ্বাৰা ভিয়েটনামৰ স্থিতি দক্ষিণ চীন সাগৰত সৱল কৰি তোলাৰ বাবে জাপানে বহুটো সামৰিক সামগ্ৰী প্ৰদান কৰিব ৷

দক্ষিণ চীন সাগৰক লৈ চীনক সাৱধানবানী জাপানৰ
দক্ষিণ চীন সাগৰক লৈ চীনক সাৱধানবানী জাপানৰ

নিউজ ডেস্ক, 20 অক্টোবৰ : সোমবাৰে জাপান আৰু ভিয়েটনামৰ প্ৰধানমন্ত্ৰীয়ে পৰস্পৰৰ এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে ৷ হানোইত এই চুক্তি স্বাক্ষৰ কৰি জাপানৰ প্ৰধানমন্ত্ৰী য়োশিহিদে চুগাই ইয়াক দুয়োখন দেশৰ মাজৰ এক সামৰিক চুক্তি বুলি উল্লেখ কৰে আৰু ইয়াৰ দ্বাৰা দক্ষিণ চীন সাগৰকো সামৰি লোৱা হ'ব বুলি জনায় ৷ ভিয়েটনামৰ প্ৰধানমন্ত্ৰী গুয়েন ষুৱান ফুক আৰু চুগাই চুক্তিত স্বাক্ষৰ কৰি ইয়াক দুয়োখন দেশৰ মাজত ৰূপায়ন কৰে ৷

হানোইত সংবাদমাধ্যমক সম্বোধন কৰি জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই চুক্তিক দুয়োখন দেশৰ মাজৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে এক বৃহৎ দলিল বুলি উল্লেখ কৰে ৷ এই চুক্তিৰ দ্বাৰা জাপানে ভিয়েটনামক ৰাডাৰ আৰু পেট্ৰলিং বিমান প্ৰদান কৰিব আৰু ইয়াৰ দ্বাৰা সামৰিক গুৰুত্বপূৰ্ণ দক্ষিণ চীন সাগৰত ভিয়েটনামৰ অৱস্থিতি একপ্ৰকাৰ সৱল কৰি তোলাৰ লগতে প্ৰত্যক্ষভাৱে চীনক বাধা দিয়াত জাপানে সহায় কৰিব ৷

ছাউথ চাইনা মৰ্ণিং পোষ্ট নামৰ বাতৰিকাকতখনে এই বাতৰি সবিস্তাৰে প্ৰকাশ কৰিছে ৷ ইয়াৰ দ্বাৰা জাপানে দক্ষিণ চীন সাগৰক লৈ চীনৰ ওপৰত অধিক হেঁচা প্ৰদান কৰিবলৈ চেষ্টা কৰিছে বুলি বাতৰি প্ৰকাশ কৰিছে সংবাদ প্ৰতিষ্ঠানটোৱে ৷

বিগত মাহত জাপানৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰা চুগাই ভিয়েটনামৰ সৈতে সম্পৰ্ক অধিক জোৰদাৰ কৰি তোলাত গুৰুত্ব প্ৰদান কৰি, ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলটোৰ মুকলি পৰিৱহণৰ লগতে এইটো অঞ্চলৰ শান্তিৰ বাবে জাপানে সদায় কাম কৰি যাব বুলি স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে ৷ চুগাই দক্ষিণ চীন সাগৰত চীনৰ গতিবিধিক অমাণ্য় বুলি কোৱাৰ লগতে বেইজিঙৰ এই প্ৰচেষ্টা সফল হ'বলৈ দিয়া নহ'ব বুলি আন্তঃৰাষ্ট্ৰীয় মহলক জনাই দিছে ৷ হানোই বিশ্ববিদ্যালয়ত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি চুগাই দক্ষিণ চীন সাগৰত আন্তঃৰাষ্ট্ৰীয় মহলৰ গতিবিধি সম্পূৰ্ণ অধিকাৰ আছে আৰু চীনে ইয়াক প্ৰতিহত কৰিবলৈ চেষ্টা কৰাটো শক্তি প্ৰয়োগ নকৰাকৈ সমাধানৰ বাবে জাপানে সদায় আন্তঃৰাষ্ট্ৰীয় মহলক সহায় কৰিব বুলি উল্লেখ কৰে ৷

একে সময়তে জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী নোবুই কিশি আৰু অষ্ট্ৰেলিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী লিন্দা ৰেনল্ডছে ভাৰত-প্ৰশান্ত সাগৰীয় অঞ্চলত দুয়োপক্ষৰ পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰিবলৈ তথা দক্ষিণ চীন সাগৰত গতিবিধি নজৰত ৰাখিবলৈ এক বুজাবুজিত উপনীত হয় ৷

লগতে পঢ়ক : মৰুৰ দেশৰে 'সামৰিক আৰু নিৰাপত্তা' চুক্তি স্বাক্ষৰৰ বাবে সাজু ইৰাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.