ইছলামাবাদ,1 নৱেম্বৰঃ পাকিস্তানৰ তহৰিক-এ-ইনচাফ(পিটিআই) চৰকাৰৰ পতনৰ বাবে আহ্বান জানাই মৌলানা ফজলুল ৰহমানৰ নেতৃত্বত জমীয়ত-উলেমা-এ-ইচলাম-ফজল ‘আজাদী মাৰ্চ’ৰ ৰূপত সমগ্ৰ ইছলামাবাদে এক বীৰত্বপূৰ্ণ ৰূপ গ্ৰহণ কৰি ৰাজধানী চহৰত উপস্থিত হয় ৷
![Islamabad wears deserted look as 'Azadi March' enters city](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4931419_p_3.jpg)
কৰাচীৰ পৰা ৰবিবাৰে প্ৰস্থান কৰা প্ৰতিবাদকাৰীসকলক বুধবাৰে লাহোৰলৈ অনা হয় আৰু বৃহস্পতিবাৰে ৰাতি ইছলামাবাদত তেওঁলোকৰ যাত্ৰাৰ সমাপ্তি ঘটে ৷ শুকুৰবাৰে ইয়াৰ বিকাশ হয় যেতিয়া ক্ষমতাধীন তথা বিৰেধী দলসমূহে চৰকাৰ বিৰোধী প্ৰতিবাদকাৰীসকলৰ অগ্ৰগতিৰ ক্ষেত্ৰত এটি চুক্তিত উপনীত হয়, যাতে তেওঁলোকে ইছলামাবাদৰ সংবেদনশীল নিষিদ্ধ এলেকা "ৰেড জ'ন" অতিক্ৰম নকৰে ৷ স্থানীয় সংবাদ মাধ্যমে জনোৱা অনুসৰি "ৰেড জ'ন" সম্প্ৰতি নিৰাপত্তাৰক্ষীসকলৰ দ্বাৰা বন্ধ কৰি ৰখা হৈছে ৷
![Islamabad wears deserted look as 'Azadi March' enters city](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4931419_p_2.jpg)
জিঅ’ নিউজে জনোৱা অনুসৰি, জমীয়ত-উলেমা-এ-ইচলাম-ফজলৰ ‘কাৰৱা’ৰ অভিসৃতিৰ বাবে যুক্তৰাষ্ট্ৰীয় চহৰখনত ৰৱালপিণ্ডি আৰু ইছলামাবদৰ সমূহ বিদ্যালয় বন্ধ থাকিব ৷ ইছলামাবাদৰ কায়দে-এ-আজম বিশ্ববিদ্যালয়ো দুদিনৰ বাবে বন্ধ থাকিব ৷ ইছলামাবাদ আৰু ৰাৱালপিণ্ডিৰ মাজৰ মেট্ৰ’ সেৱাসমূহো অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব ৷ ইয়াৰ মাজতে ইছলামাবাদ উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে যুক্তৰাষ্ট্ৰীয় চৰকাৰখনক নিৰ্দেশ প্ৰদান কৰে যে, ‘আজাদী মাৰ্চ’ৰ এই সময়চোৱাত চৰকাৰী শৃংখলা ৰক্ষাৰ বাবে ব্যৱসায়ী সমূহক যাতে আইনে কোনোধৰণৰ বাধা আৰোপ নকৰে ৷ প্ৰধান বিচাৰপতি অথৰ মিনাল্লাহে এক ব্যক্তিগত সামগ্ৰী পৰিবহন সংস্থাৰ পথ অৱৰোধৰ বিৰূদ্ধে ৰুজু কৰা গোচৰৰ ভিত্তিত এই নিৰ্দেশনা জাৰি কৰে ৷
![Islamabad wears deserted look as 'Azadi March' enters city](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4931419_p.jpg)
ইছলামাবাদৰ জিলা প্ৰশাসক হামজা চাফকতে আদালতক অৱগত কৰা অনুসৰি, "বাণিজ্যিক পণ্য সৰবৰাহ কৰা কোনো বাহনকে ৰাজধানী চহৰত আটক কৰা বা বাধা আৰোপ কৰা হোৱা নাই ৷" তেখতে আৰু কয় যে, উক্ত প্ৰতিবাদৰ সময়ছোৱাত চৰকাৰী শৃংখলা ৰক্ষাৰ বাবে যুক্তৰাষ্ট্ৰীয় চৰকাৰখনে 60 মিলিয়ন পাকিস্তানী ৰূপী ব্যয় কৰিছিল আৰু আদালতে আশ্বাস প্ৰদান কৰিছিল যে,ব্যৱসায়ীসকলক আটক কৰাৰ বাবে তেওঁলোকক ক্ষতিপূৰণ দিয়া হ’ব ৷
জে ইউ আই-এফ সুপ্ৰিমোই শুকুৰবাৰে জুম্মাৰ নামাজৰ পিছতেই এক সমাৱেশত তেওঁলোকৰ দাবীসমূহ উত্থাপন কৰিব বুলি আশা কৰা হৈছে, য'ত বিৰোধী নেতাসকলেও সম্বোধন কৰিব ৷
লগতে চাওকঃ ভাৰত চৰকাৰ আৰু নগা বিদ্ৰোহীৰ শান্তি আলোচনা,স্বাক্ষৰিত নহ'ল কোনো চুক্তি