ইন্টাৰনেশ্বনেল ডেস্ক, 5 অক্টোবৰ : ইৰাকৰ চৰকাৰ বিৰোধী গণবিদ্ৰোহত মৃতকৰ সংখ্যা 60 জনলৈ বৃদ্ধি পোৱাৰ লগতে আহত হৈছে 2,500 জনতকৈ অধিক লোক ৷ শুকুৰবাৰে দেশখনৰ স্বাস্থ্য মন্ত্ৰণালয়ে দিয়া প্ৰতিবেদনত প্ৰকাশ পাইছে এই হৃদয়বিদাৰক তথ্য ৷
আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হোৱাৰ ফলতে দুয়োপক্ষৰ পৰা গুলীছালনা আৰু শিল দলিওৱা হয় ৷ শ-শ প্ৰতিবাদকাৰীয়ে দক্ষিণ ইৰাকৰ প্ৰভিন্সিয়েল কাউন্সিল বিল্ডিঙতো আক্ৰমণ কৰে ৷
মাহদী চৰকাৰৰ শাসনকালত সংঘটিত হোৱা সৰ্ববৃহৎ গণবিদ্ৰোহ হিচাপে পৰিগণিত হৈছে এই বিদ্ৰোহ ৷ দুৰ্নীতিৰ লগতে নিৱনুৱা সমস্যা, সাধাৰণ নাগৰিকৰ দৈনিক জীৱন-যাপন, অস্থায়ী সেৱা ব্যৱস্থা আদি বিষয়ত বিক্ষোভ প্ৰদৰ্শন কৰে প্ৰতিবাদকাৰীয়ে ৷ ৰাজ্যখনৰ নাছিৰিয়া, দিৱানিহা, বাস্ৰা আদি চহৰত নাগৰিকৰসকলে এনেদৰে বিক্ষোভ প্ৰদৰ্শন কৰা পৰিলক্ষিত হয় ৷