ETV Bharat / international

ইউক্ৰেইন বিমান দূৰ্ঘটনা সন্দৰ্ভত আন্তৰাষ্ট্ৰীয় পৰিষদক স্বাগতম : ৰৌহানি

author img

By

Published : Jan 12, 2020, 4:52 PM IST

ইউক্ৰেনিয়ান বিমান দূ্ৰ্ঘটনা সন্দৰ্ভত আন্তৰাষ্ট্ৰীয় পৰিষদক যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু ইৰান ৷ এই কথা প্ৰকাশ কৰে ইৰানিয়ান ৰাষ্ট্ৰপতি হাছান ৰৌহানিয়ে ৷

ইৰানিয়ান ৰাষ্ট্ৰপতি
হাছান ৰৌহানি

ইন্টাৰনেশ্যনেল ডেস্ক, 12 জানুৱাৰী : ইউক্ৰেইন বিমান দূৰ্ঘটনাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰা আন্তৰাষ্ট্ৰীয় পৰিষদক সকলো ধৰণৰ প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিবলৈ সন্মতি প্ৰদান কৰিছে ইৰানিয়ান ৰাষ্ট্ৰপতি হাছান ৰৌহানিয়ে ৷

শনিবাৰে কানাডিয়ান প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰোডোৰ সৈতে ফোনেৰে বাৰ্তালাপত ৰৌহানিয়ে কয়, "দূৰ্ঘটনা সন্দৰ্ভত কোনো স্পষ্টীকৰণ প্ৰদানৰ বাবে আন্তৰাষ্ট্ৰীয় পৰিষদক স্বাগতম জনাইছো৷"

তেওঁ কয় যে, ইউক্ৰেনিয়ান বিমান দূৰ্ঘটনা সন্দৰ্ভত চূড়ান্ত সিদ্ধান্তত উপনীত হ'বলৈ তদন্ত অব্যাহত ৰখা হ'ব ৷

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভালাডিমিৰ জেলেনস্কিৰ সৈতে ফোনেৰে বাৰ্তালাপত ৰৌহানিয়ে কয়, এই ঘটনাৰ সৈতে জড়িত সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷

তেওঁ লগতে কয় যে, এই ঘটনাৰ তদন্তৰ বাবে ইৰান আৰু ইউক্ৰেইনে যুটীয়াভাৱে প্ৰচেষ্টা অব্যাহত ৰাখিব আৰু অতি সোনকালেই ন্যায়িক ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷

উল্লেখ্য যে, বুধবাৰে ইউক্ৰেইনৰ 737 জন যাত্ৰী কঢ়িয়াই নিয়া এখন বয়িং বিমান তেহৰানৰ ওচৰত দূৰ্ঘটনাত পতিত হোৱাত 176 জন লোকে প্ৰাণ হেৰুৱাব লগা হয় ৷

শনিবাৰে ইৰানৰ সৈন্য বাহিনীয়ে স্বীকাৰ কৰিছিল যে, ইৰানে অজ্ঞাতে ইউক্ৰেইনৰ বিমানখনত আঘাত কৰিছিল আৰু এয়া এক মানৱীয় ভুল ৷

আৰু পঢ়ক : JNU হিংসা: ভুক্তভোগী অসমীয়া যুৱকৰ প্ৰতিক্ৰিয়া

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.