নিউজ ডেস্ক, 10 জানুৱাৰী : শনিবাৰে সাগৰপৃষ্ঠৰ ওপৰত সন্ধানহীন হৈ পৰা বিমানখনৰ ভগ্নাৱশেষ উদ্ধাৰ কৰিছে ইণ্ডোনেছিয়াৰ উদ্ধাৰকাৰী বাহিনীয়ে ৷ জাকাৰ্টাৰ এটা বন্দৰৰ কাষত সাগৰত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় অভিশপ্ত বিমানখনৰ ভগ্নাৱশেষ ৷ ইণ্ডোনেছিয়াৰ নৌ-সেনাৰ ডুবাৰুৱে জাভা সাগৰৰ 75 ফুট গভীৰতাত প্ৰত্যক্ষ কৰে শ্ৰীবিজয়া এয়াৰলাইনছৰ বয়িং 737-500 বিমানখনৰ ভগ্নাৱশেষ ৷

শনিবাৰে পাঁচগৰাকী শিশুসহ মুঠ 62 গৰাকী যাত্ৰী লৈ জাকাৰ্টাৰ পৰা উৰা মৰাৰ 8 মিনিট পিচতেই যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল বিমানখনৰ ৷ ইণ্ডোনেছিয়াৰ নৌ-সেনাৰ ছোনাৰত জাহাজখনৰ সংকেট লাভ কৰাৰ পিচতেই ডুবাৰুৱে সাগৰতলিৰ 75 ফুট গভীৰতাত উদ্ধাৰ কৰে শ্ৰীবিজয়া এয়াৰলাইনছৰ এয়াৰ ফ্লাইট এছ জে 182 বিমানখনৰ ভগ্নাৱশেষ ৷ ছয়িকাৰ্ণো-হাট্টা বিমানবন্দৰৰ পৰা উৰা মাৰিছিল বিমানখনে ৷

ইণ্ডোনেছিয়াৰ নৌ-সেনাৰ অধীনস্থ ত্ৰিশূলা উপকূলৰক্ষী বাহিনীৰ জাহাজৰ কামাণ্ডাৰ কেপ্টেইন ইকো সূৰ্য্য হাডিয়ে জাহাজখনৰ ভগ্নাৱশেষ উদ্ধাৰৰ বিষয়ে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে ৷ বিমানৰ ৰিয়েল টাইম তথ্য প্ৰদান কৰা ফ্লাইটৰাডাৰ 24 নামৰ ছুইডেনস্থিত এটা প্ৰতিষ্ঠানে প্ৰকাশ কৰা অনুসৰি, 10,000 ফুট উচ্চতাত বিমানখনৰ নিয়ন্ত্ৰণকক্ষৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈছিল ৷

বিমান পৰিৱহনকাৰী সংস্থাটোৱে প্ৰকাশ কৰা বিজ্ঞপ্তি অনুসৰি, বিমানখনে 90 মিনিটৰ যাত্ৰাসূচীৰে জাকাৰ্টাৰ পৰা পন্টিয়ানাকলৈ উৰা মাৰিছিল ৷ ইণ্ডোনেছিয়াৰ বৰ্নিঅ’ দ্বীপপুঞ্জৰ পশ্চিম কালিমান্টান প্ৰদেশৰ ৰাজধানী পন্টিয়ানাকলৈ উৰা মৰাৰ পিচতেই জাভা সাগৰৰ ওপৰত সংযোগ বিচ্ছিন্ন হৈছিল বিমানখনৰ ৷

পৰৱৰ্তী সময়ত ইণ্ডোনেছিয়াৰ নেশ্বনেল চাৰ্ছ এণ্ড ৰেস্কিউ’ এজেন্সি আৰু নেশ্বনেল ট্ৰান্সপ’ৰ্টেশ্বন ছেফটি কমিটীয়ে নৌ-সেনাৰ সহায়ত উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল ৷ শনিবাৰে জাকাৰ্টাৰ পৰা 62 গৰাকী যাত্ৰী লৈ উৰা মাৰিছিল ঘৰুৱা বিমানসেৱাৰ শ্ৰীবিজয়া এয়াৰলাইনছৰ এয়াৰ ফ্লাইট এছ জে 182, বয়িং 737-500 বিমানখনে ৷
শনিবাৰে দিনৰ 1 বাজি 56 মিনিটত উৰা মৰাৰ পিচতেই নিয়ন্ত্ৰণ কক্ষৰ সৈতে প্ৰায় 2 বাজি 40 মিনিটত সংযোগ বিচ্ছিন্ন হৈছিল বিমানখনৰ ৷ ইণ্ডোনেছিয়াৰ পৰিৱহন মন্ত্ৰালয়ৰ মুখপাত্ৰ আদিতা ইৰাৱতীয়ে সংবাদমাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছিল ৷
লগতে পঢ়ক : ইণ্ডোনেছিয়াত উৰণৰ পিছতে শ্ৰীৱিজায়া বিমানৰ সৈতে সংযোগ বিচ্ছিন্ন