ETV Bharat / international

ইণ্ডোনেছিয়াৰ বাছ দুৰ্ঘটনাঃ উদ্ধাৰ অভিযান অব্য়াহত - বাছ দুৰ্ঘটনা

ইণ্ডোনেছিয়াৰ জাভা দ্বীপত বাছ দুৰ্ঘটনা সংঘটিত হোৱা স্থানত বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান । বুধবাৰে পৰ্যটক কঢ়িয়াই নিয়া বাছ দুৰ্ঘটনাত পতিত হৈছিল । এই দুৰ্ঘটনাত ২৭ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে ৩৯ জন লোক আহত হৈছিল ।

ইণ্ডোনেছিয়াৰ জাভা দ্বীপত বাছ দুৰ্ঘটনাত ২৭ জন লোকৰ মৃত্যু

author img

By

Published : Mar 11, 2021, 1:48 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১১ মাৰ্চ: এতিয়াও উদ্ধাৰ হোৱা নাই ইণ্ডোনেছিয়াৰ বাছ দুৰ্ঘটনাত নিহত হোৱা আটাইকেইজন লোকৰ মৃতদেহ । বৃহস্পতিবাৰে আৰক্ষী আৰু উদ্ধাৰকাৰী দলে জনোৱা মতে, ঘটনাস্থলীত বৰ্তমান উদ্ধাৰ অভিযান অব্য়াহত আছে ।

বুধবাৰে জাভা দ্বীপত পৰ্যটক কঢ়িয়াই নিয়া এখন বাছ দুৰ্ঘটনাগ্ৰস্ত হৈছিল আৰু ২৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩৯ জন লোক আহত হৈছিল । বাছখনত পশ্চিম জাভা প্ৰদেশৰ ছুবাং চহৰস্থিত ইছলামিক জুনিয়ৰ হাইস্কুলৰ শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ এটা দল আছিল । তাছিকমালায়া জিলাৰ এক তীৰ্থস্থানৰ পৰা ছুবাঙলৈ উভতি গৈ থকাৰ সময়তে বাছখনে ছুমেদাং জিলাৰ উক্ত স্থানত নিয়ন্ত্ৰণ হেৰুৱাই ২০ মিটাৰ(৬৫ ফুট) তলত থকা এটা জুৰিত সোমাই যায় ।

বৰ্তমানেও মৃতদেহ উদ্ধাৰৰ বাবে অভিযান চলাই আছে উদ্ধাৰকাৰী দলে । আনহাতে, আহত লোকসকলক সমীপৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । বৃহস্পতিবাৰে পুৱাও এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । আহতসকলৰ ভিতৰত ১৩ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । আনহাতে, দুৰ্ঘটনাত বাছখনৰ চালকজনৰো মৃত্যু হৈছে । .

বাছখনৰ যাত্ৰীসকলৰ আত্মীয়ই ছুমেডাং চিকিৎসালয়ত তেওঁলোকৰ প্ৰিয়জনৰ বিষয়ে তথ্য বিচাৰি অপেক্ষা কৰি থকাৰ দৃশ্যও সংবাদ মাধ্যমত প্ৰচাৰিত হৈছিল । মৃতদেহবোৰ চিনাক্ত কৰিবলৈও আত্মীয়ক খবৰ দিয়া হৈছে । অসুৰক্ষিত তথা দুৰ্বল আন্তঃগাঁথনিৰ বাবে ইণ্ডোনেছিয়াত সঘনাই পথ দুৰ্ঘটনা সংঘটিত হয় ।

লগতে পঢ়ক:COVID-১৯ ৰ প্ৰতিষেধক বিনামূলীয়াকৈ লাভ কৰিব পাকিস্তানে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.