ETV Bharat / international

ভাৰত, পাকিস্তানৰ মাজত পাৰমাণৱিক তথ্যৰ আদান-প্ৰদান

author img

By

Published : Jan 1, 2020, 6:59 PM IST

ভাৰত-পাকিস্তানৰ মাজত 1 জানুৱাৰীৰ দিনা পাৰমাণৱিক তথ্যৰ আদান-প্ৰদান কৰা হয় ৷ প্ৰতিবছৰে দুই দেশে এনেদৰে তথ্যৰ আদান-প্ৰদান কৰে ৷

ভাৰত-পাকিস্তান
ভাৰত, পাকিস্তানৰ মাজত পাৰমাণৱিক তথ্যৰ আদান-প্ৰদান

ইন্টাৰনেশ্যনেল ডেস্ক, 1 জানুৱাৰীঃ বুধবাৰে ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ৰ দ্বাৰা প্ৰকাশিত এক বিবৃতি অনুসৰি, ভাৰত আৰু পাকিস্তানে নিজ নিজ দেশৰ পাৰমাণৱিক শক্তি সম্পৰ্কত তথ্যৰ আদান-প্ৰদান কৰে ৷

নতুন দিল্লী আৰু ইছলামাবাদৰ মাজত ক্ৰমাগতভাৱে চলি থকা কূটনৈতিক আলোচনাৰ জৰিয়তে তথ্যৰ আদান-প্ৰদান কৰা হয় বুলি জানিব পৰা গৈছে ৷ এয়া দুই খন দেশৰ মাজত 29 সংখ্যক বাৰৰ বাবে তথ্যৰ আদান-প্ৰদান হৈছে আৰু প্ৰথমবাৰ 1992 চনত এই আদান-প্ৰদান চলিছিল ৷

বিবৃতিত কয়, "ভাৰত-পাকিস্তানৰ মাজত স্বাক্ষৰিত হোৱা পাৰমাণৱিক আক্ৰমণ ৰোধ চুক্তিৰ জৰিয়তে তথ্যৰ আদান-প্ৰদান কৰা হয় ৷"

1988 চনৰ 31 ডিচেম্বৰত চুক্তিখন স্বাক্ষৰিত হৈছিল আৰু 1991 চনৰ 27 জানুৱাৰীৰ পৰা বলৱৎ কৰা হৈছিল ৷ ইয়াৰ জৰিয়তে ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোতে দুয়ো দেশে পাৰমাণৱিক সংস্থাপন আৰু অন্যান্য সা-সুবিধা সম্পৰ্কীয় বহুকেইটা তথ্যৰ আদান-প্ৰদান কৰে ৷

আৰু পঢ়ক : গুৱাহাটীত গ্ৰেপ্তাৰ আলফা স্বাধীনৰ কেডাৰ

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.