ETV Bharat / international

ভাৰতৰ বাণিজ্যিক ঘাটি হ্ৰাস কৰাত সহায় কৰিব চীনে - ভাৰত-চীনৰ মাজৰ ব্যৱসায়িক আৰু সামৰিক সম্পৰ্ক

চীনৰ ৰাষ্ট্ৰপতি আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ মাজত হোৱা আলোচনাত দুয়োখন দেশৰ মাজত ব্যৱসায় আৰু বাণিজ্য বৃদ্ধিৰ লক্ষ্যৰে নতুন নীতি গ্ৰহণৰ সিদ্ধান্ত ৷ ব্যৱসায়িক ঘাটি কমাবলৈ "Regional Comprehensive Economic Partnership"ৰ অধীনত ভাৰতক আশ্বাস প্ৰদান কৰে চীনৰ ৰাষ্ট্ৰপতি ঝী জিনপিঙে ৷

চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী
author img

By

Published : Oct 12, 2019, 6:29 PM IST

নিউজ ডেস্ক, 12 অক্টোবৰঃ ভাৰত ভ্ৰমণলৈ অহা চীনৰ ৰাষ্ট্ৰপতি ঝী জিনপিঙে ভাৰতৰ ব্যৱসায়িক ঘাটি কমাবলৈ বিশেষ ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ঝী জিনপিঙৰ মাজত মামাল্লাপুৰমত অনুষ্ঠিত হোৱা আলোচনাত দুয়োখন দেশৰ মাজৰ ব্যৱসায়িক সম্পৰ্ক উন্নত কৰিবলৈ বিভিন্ন সিদ্ধান্তত উপনীত হয় দুয়োগৰাকী নেতা ৷

দুয়োখন দেশৰ মাজৰ পাৰস্পৰিক সহযোগিতাৰে বিনিয়োগ ব্যৱস্থা উন্নত কৰি ব্যৱসায়িত ঘাটি কমোৱা বিষয়টোৱে স্থান লাভ কৰে দুয়োগৰাকী নেতাৰ আলোচনাত ৷ আলোচনাৰ মাজতে ভাৰতৰ বাণিজ্যিক ঘাটি কমোৱাৰ বাবে চীনে কংক্ৰিট সিদ্ধান্ত গ্ৰহণৰ কথা প্ৰকাশ কৰে ৰাষ্ট্ৰপতি ঝী জিনপিঙে ৷

সংবাদমেল সম্বোধনৰ সময়ত বৈদেশিক সচিব বিজয় গোখলে

দুয়োগৰাকী ৰাষ্ট্ৰপ্ৰধানৰ মাজত হোৱা আলোচনাৰ উদ্ধৃতিৰে দেশৰ বৈদেশিক সচিব বিজয় গোখলে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছে এই তথ্য ৷ দুয়োখন দেশৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক উন্নত কৰিবলৈ প্ৰধানমন্ত্ৰী মোডীয়ে 'Wuhan spirit'ৰ ওপৰত গুৰুত্ব দি "Chennai connect" নামে নীতি গ্ৰহণৰ কথাও উল্লেখ কৰে বৈদেশিক সচিবগৰাকীয়ে ৷

অধিক পঢ়কঃ চীন আৰু ভাৰতৰ মাজত অনুষ্ঠিত প্ৰতিনিধি পৰ্যায়ৰ সভা

"Regional Comprehensive Economic Partnership" শীৰ্ষক নীতিৰে দুয়োখন দেশে পাৰস্পৰিক বাণিজ্যিক সম্পৰ্কৰ উপৰিও সামৰিক সম্পৰ্কৰ ওপৰত আলোচনাত মিলিত হোৱাৰ কথা প্ৰকাশ কৰে বৈদেশিক সচিব গোখলে ৷ আন্তঃৰাষ্ট্ৰীয় নীতি নিয়মৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰি ভৱিষ্যতৰ প্ৰতি লক্ষ্যৰে এইদৰে পাৰস্পৰিক নীতিত উপনীত হয় দুয়োগৰাকী নেতাই ৷ আলোচনাত বিশ্ব-সন্ত্ৰাসবাদৰ বিষয়টোৱে স্থান লাভ কৰাৰ লগতে কাশ্মীৰ সমস্যাৰ কথা উত্থাপন নোহোৱাৰ কথা প্ৰকাশ কৰে বৈদেশিক সচিবগৰাকীয়ে ৷

Intro:Body:

body:

Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.