ETV Bharat / international

ইমৰাণ খানৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া কুৰেশ্বীৰ - ETV BHARAT

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লৈ কৰা মন্তব্য সম্পূৰ্ণ অসত্য তথা বিষয়বস্তুৰ পৰা বাহিৰত বুলি দাবী কৰে পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশ্বীয়ে ৷ ইমৰাণ খানৰ মন্তব্যই এতিয়া পাকিস্তানৰ লগতে ভাৰততো খলকনি তুলিছে ৷

SHAH MOHAMMAD QURESHI
author img

By

Published : Apr 12, 2019, 3:37 PM IST

নিউজ ডেস্ক,12 এপ্ৰিলঃ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লৈ কৰা মন্তব্য সম্পূৰ্ণ অসত্য তথা বিষয় বস্তুৰ পৰা বাহিৰত বুলি দাবী কৰে পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশ্বীয়ে ৷ কুৰেশ্বীয়ে কয় যে, প্ৰধানমন্ত্ৰী গৰাকীয়ে এনে কোনো মন্তব্য কৰা নাই আৰু ভাৰতীয় সংবাদ মাধ্যমে সকলোবোৰ বাতৰিতে ৰহণ সনাৰ চেষ্টা কৰে ৷ পাকিস্তানৰ শীৰ্ষ সংবাদ মাধ্যম "ডন"ত প্ৰকাশ পোৱা অনুসৰি বিষয়বস্তুৰ পৰা বাহিৰত গৈ ভাৰতীয় সংবাদ মাধ্যমে বাতৰি প্ৰকাশ কৰিছে ৷ লগতে কুৰেশ্বীয়ে এইয়াও জনাই যে, মোডীক লৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে কৰা মন্তব্যৰ ৰেকৰ্ডো তেওঁলোকৰ ওচৰত মজুত আছে ৷

উল্লেখ্য যে,এসপ্তাহ পূৰ্বে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে মন্তব্য কৰিছিল যে, ভাৰতত পুনৰ বিজেপি ক্ষমতালৈ আহিলে কাশ্মীৰ সমস্যাৰ সমাধান হোৱাৰ কিছু সম্ভাৱনা আছে ৷ তেওঁ কৈছিল যে, মোডী আকৌ এবাৰ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হ'লে ভাৰতৰ সৈতে পাকিস্তানৰ শান্তি আলোচনা হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে ৷

ইমৰাণ খানৰ এই মন্তব্যই এতিয়া পাকিস্তানৰ লগতে ভাৰততো খলকণি তুলিছে ৷ পাকিস্তানৰ বিদেশ মন্ত্ৰণালয়ে তেওঁৰ মন্তব্যক গৰিহণা দি কয় যে, ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকী পাকিস্তানৰ বাবে বিপদ ৷ সেইদৰে ভাৰতীয় কংগ্ৰেছে দাবী কৰে যে,পাকিস্তানৰ সৈতে মোডীৰ মিত্ৰজোঁট সকলোৰে চকুত পৰিছে আৰু মোডীক ভোট কৰা আৰু পাকিস্তানক ভোট কৰা একে কথা ৷

IMRAN KHAN'S COMMENTS ON MODI 'OUT OF CONTEXT': QURESHI

ইমৰাণ খানৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া কুৰেশ্বীৰ

নিউজ ডেস্ক, 12 এপ্ৰিল: পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ কৰা মন্তব্য সম্পূৰ্ণ অসত্য তথা বিষয়বস্তুৰ পৰা বাহিৰত বুলি দাবী কৰে পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশ্বীয়ে ৷ কুৰেশ্বীয়ে কয় যে, প্ৰধানমন্ত্ৰী গৰাকীয়ে এনে কোনো মন্তব্য কৰা নাই আৰু ভাৰতীয় সংবাদ মাধ্যমে সকলোবোৰ বাতৰিতে ৰহন সনাৰ চেষ্টা কৰে ৷ পাকিস্তানৰ শীৰ্ষ সংবাদ মাধ্যম "ডন"ত প্ৰকাশ পোৱা অনুসৰি বিষয়বস্তুৰ পৰা বাহিৰত গৈ ভাৰতীয় সংবাদ মাধ্যমে বাতৰি প্ৰকাশ কৰিছে ৷ লগতে কুৰেশ্বীয়ে এইয়াও জনাই যে, মোদীক লৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে কৰা মন্তব্যৰ ৰেকৰ্ডো তেওঁলোকৰ ওচৰত মজুত আছে ৷ 

উল্লেখ্য যে, এসপ্তাহ পূৰ্বে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে মন্তব্য কৰিছিল যে, ভাৰতত পুনৰ বিজেপি ক্ষমতালৈ আহিলে কাশ্মীৰ সমস্যাৰ সমাধান হোৱাৰ কিছু সম্ভাৱনা আছে ৷ 
তেওঁ কৈছিল যে, মোদী আকৌ এবাৰ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হ'লে ভাৰতৰ সৈতে পাকিস্তানৰ শান্তি আলোচনা হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে ৷ 

Pakistan_dec2_PvkE1CD.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.