ETV Bharat / international

ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ হংকঙৰ মিডিয়া টাইকুন

author img

By

Published : Aug 10, 2020, 11:17 AM IST

Updated : Aug 10, 2020, 11:58 AM IST

আৰক্ষীৰ দলটোৱে লাই মিডিয়াৰ অন্য কেইবাজনো লোকক সোধ পোছৰ বাবে আটক কৰিছে ৷

Hong Kong media tycoon arrested under national security law
ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ হংকঙৰ মিডিয়া টাইকুণ্ড

হংকং, 10 আগষ্ট : হংকঙৰ মিডিয়া টাইকুন আৰু সমাজকৰ্মী জিমি লাইক বিদেশী শক্তিৰ লগত জড়িত থকাৰ অভিযোগত ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত সোমবাৰে পুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ হংকঙৰ আৰক্ষী পুৱা জিমি লাই,তেওঁৰ পুত্ৰৰ বাসগৃহত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে ৷ লাই মিডিয়াৰ জ্যেষ্ঠ কাৰ্যবাহী বিষয়া মাৰ্ক ছাইমনে টুইটত প্ৰকাশ কৰে এই কথা ৷

মাৰ্ক ছাইমনে টুইটত লগতে কয় যে,আৰক্ষীৰ দলটোৱে লাই মিডিয়াৰ অন্য কেইবাজনো লোকক সোধ পোছৰ বাবে আটক কৰিছে ৷ আনহাতে এপ্পল ডেলী বিল্ডিঙতো আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান ৷ জিমি লায়ে 1995 চনত এই সংবাদ প্ৰতিষ্ঠানটো আৰম্ভ কৰিছিল আৰু ই বৰ্তমান হংকঙৰ সৰ্বাধিক প্ৰচলিত সংবাদ প্ৰতিষ্ঠান ৷

চলিত বৰ্ষৰ আৰম্ভনিত লাইৰ বাসগৃহত অবৈধ সমাবেশ আৰু বিভিন্ন গণতন্ত্ৰপন্থী নেতা কৰ্মীক দাবী ধমকি দিয়াৰ অভিযোগত আটক কৰা হয় ৷ হংকঙৰ অন্যতম মিলেনিয়াৰ লায়ে চীন কমিউনিষ্ট পাৰ্টীৰ জনপ্ৰিয়তা হ্ৰাস কৰাৰ বাবে আমেৰিকাৰ লগত কাম কৰাৰ অভিযোগত দেশদ্ৰোহী আখ্যা দি গ্ৰেপ্তাৰ কৰা হয় ৷ আনহাতে চীনৰ সংবাদ মাধ্যমে জিমি লাইকে গণতন্ত্ৰ সমৰ্থন আন্দোলন নিয়ন্ত্ৰণ কৰা বুলি অভিযোগ কৰিছে ৷ বেইজিঙত নতুনকৈ প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত বিদেশী শক্তিৰ লগতে জড়িত লোকক আজীৱন কাৰাবাসৰ শাস্তি প্ৰদান কৰা হয় ৷

লগতে পঢ়ক : আজি ৰাজনাথ সিঙে উদ্ধোধন কৰিব আত্মনিৰ্ভৰ ভাৰত সপ্তাহ

Last Updated : Aug 10, 2020, 11:58 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.