ETV Bharat / international

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

বিশ্বজুৰি 3,53,88,157 তকৈয়ো অধিক লোকলৈ বৃদ্ধি পালে কৰ'ণাৰ সংক্ৰমণ ৷ এই মহামাৰীৰ ফলত আটাইতকৈ অধিক ক্ষতিগ্ৰস্ত হোৱা দেশ আমেৰিকাৰ পাচতে আছে ভাৰতৰ স্থান ৷

বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য
বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য
author img

By

Published : Oct 5, 2020, 12:57 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 5 অক্টোবৰ: বিশ্বত 3,53,88,157 তকৈয়ো অধিক লোকলৈ বৃদ্ধি পালে কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷ আনহাতে 10,41,537 তকৈয়ো অধিক লোকে ইতিমধ্যে মৃত্যুক সাৱটি লৈছে ৷ অৱশ্যে বৰ্তমানলৈ বিশ্বজুৰি 2,66,09,676 গৰাকী লোকে আৰোগ্য লাভ কৰিছে এই মহামাৰীৰ কবলৰ পৰা ৷

উল্লেখ্য যে কৰ'ণা মহামাৰীয়ে আটাইতকৈ অধিক ক্ষতিগ্ৰস্ত কৰা দেশখন হ'ল আমেৰিকা ৷ আমেৰিকাত 76,36,912 গৰাকীতকৈয়ো অধিক লোক আক্ৰান্ত হৈছে কৰ'ণা মহামাৰীত ৷ আনহাতে বৰ্তমানলৈ দেশখনত 2,14,611 গৰাকী লোকে মত্যুক সাৱটি লৈছে ৷

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য
COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

আনহাতে আক্ৰান্তৰ ক্ষেত্ৰত সম্প্ৰতি দ্বিতীয় স্থানত আছে ভাৰত ৷ ভাৰত আক্ৰান্তৰ সংখ্যা 66,22,180 গৰাকী লোকলৈ বৃদ্ধি পালে ৷ ভাৰতে সম্প্ৰতি তিনিটা প্ৰতিষেধকৰ পৰীক্ষা কৰি আছে ৷ যাৰ মাজত এটা পৰীক্ষা University of Oxford and pharmaceutical giant AstraZeneca ৰ সৈতে যুটীয়াভাৱেও অব্যাহত ৰখা হৈছে ৷

ৰাছিয়া সম্প্ৰতি কৰ'ণাৰ দ্বাৰা অধিক ক্ষতিগ্ৰস্ত হোৱা দেশসমূহৰ ভিতৰত চতুৰ্থ স্থানত আছে ৷ দেশখনত বৰ্তমানলৈ কৰ'ণাত আক্ৰান্ত হৈ 21,000 গৰাকীৰো অধিক লোকে মৃত্যুক সাৱটি লৈছে ৷

লগতে পঢ়ক: ভাৰতৰ ভিন্ন ৰাজ্যত কৰ’ণা ভাইৰাছৰ তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.