ইণ্টাৰনেশ্যনেল ডেস্ক, 24 ছেপ্তেম্বৰ: সমগ্ৰ বিশ্বতে 3,21,02,702 গৰাকী লোকলৈ বৃদ্ধি পালে কৰ'ণা ভাইৰাছ মহামাৰীৰ সংক্ৰমণ ৷ ইয়াৰ সমান্তৰালকৈ এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বিশ্বজুৰি বৃদ্ধি পালে 9,82,030 গৰাকীলৈ ৷ অৱশ্যে বৰ্তমানলৈ 2,36,85,154 গৰাকী লোকে আৰোগ্য লাভ কৰিছে ৷
![COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8918079_saaf.jpg)
বৃহস্পতিবাৰে চীনে দেশখনত নতুনকৈ 7 গৰাকী লোক আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ কৰে ৷ আক্ৰান্ত আটাইকেইগৰাকী লোক আন্তঃৰাষ্ট্ৰীয় যাত্ৰী ৷ পোনপ্ৰথমবাৰৰ বাবে দেশখনৰ ৱুহান চহৰত এই মহামাৰীৰ সুত্ৰপাত হোৱাৰে পৰা বৰ্তমানলৈ দেশখনত মুঠ আক্ৰান্তৰ সংখ্যা পোৱা গৈছে 85,314 গৰাকী ৷
লগতে পঢ়ক: মোদী আৰু ঝীৰ বৈঠকেহে অৱসান ঘটাব প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ বিবাদ