নিউজ ডেস্ক, 30 আগষ্ট: 30 আগষ্টলৈ বিশ্বজুৰি 2,51,55,782 তকৈয়ো অধিক লোক আক্ৰান্ত হৈছে কৰ'ণা মহামাৰীত ৷ আনহাতে এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে 8,45,956 তকৈয়ো অধিক লোকলৈ ৷ অৱশ্যে এই পৰ্যন্ত সমগ্ৰ বিশ্বতে 1,74,99,592 তকৈয়ো অধিক লোকে এই মহামাৰীৰ কবলৰ পৰা অব্যাহতিও লাভ কৰিছে ৷
![COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8611696_trace.jpg)
শেহতীয়াকৈ আমেৰিকাত সৰ্বাধিক COVID-19 আক্ৰান্ত লোক ধৰা পৰিছে ৷ আমেৰিকাত শেহতীয়াকৈ 61,00,000 তকৈয়ো অধিক লোক এই মহামাৰীত আক্ৰান্ত হোৱাৰ লগতে, 1,80,000 গৰাকী লোকে মৃত্যুক সাৱটি লৈছে ৷ একেদৰে ব্ৰাজিলতো 38,00,000 তকৈয়ো অধিক লোক শেহতীয়াকৈ আক্ৰান্ত হৈছে কৰ'ণা মহামাৰীত ৷ লগতে দেশখনত 1,20,000 তকৈয়ো অধিক লোকে মৃত্যুক সাৱটি লৈছে ৷ আমেৰিকাৰ পাচতে দ্বিতীয় স্থানত আছে ব্ৰাজিল ৷
আনহাতে 30,000 তকৈয়ো অধিক মৃত্যু হোৱা আক্ৰান্ত লোকৰ ভিতৰত থকা অন্য দেশসমূহ হ'ল মেক্সিকো, ভাৰত, ব্ৰিটেইন, ইটালী আৰু ফ্ৰান্স ৷
লগতে পঢ়ক: দিনটোৰ শীৰ্ষ বাতৰি