ETV Bharat / international

দক্ষিণ কোৰিয়াত অব্যাহত আছে কৰ'ণাৰ প্ৰাৰ্দূভাৱ

দক্ষিণ কোৰিয়াত কোভিড 19ত নতুনকৈ আক্ৰান্ত হৈছে 25 জনকৈ লোক ৷ বিদেশৰ পৰা উভতি অহা তথা বিদেশী লোকৰ সংস্পৰ্শলৈ অহা বহু সংখ্যক লোকৰ দেহত পোৱা গৈছে কৰ'ণাৰ অৱস্থিতি ৷ দেশখনত গণসংক্ৰমণৰ হটস্পটলৈ পৰিণত হৈছে কেইবাটাও অঞ্চল ৷

Global COVID-19 tracker
দক্ষিণ কোৰিয়াত অব্যাহত আছে ক’ৰণাৰ প্ৰাৰ্দূভাৱ
author img

By

Published : Jul 27, 2020, 11:15 AM IST

নিউজ ডেস্ক , 27 জুলাইঃ সমগ্ৰ বিশ্বতে অব্যাহত আছে কৰ'ণা মহামাৰীৰ সন্ত্ৰাস ৷ বিশ্বজুৰি 1,64,12,794 লোক আক্ৰান্ত হোৱাৰ লগতে এই মহামাৰীত প্ৰাণ হেৰুৱাইছে 6,52,039 জন ৰোগীয়ে ৷ বৰ্তমানলৈকে সুস্থ হৈ উঠিছে 1,00,42,362 জন ব্যক্তি ৷

আন প্ৰায়সমূহ দেশৰ অনুৰূপভাৱে এই মহামাৰীয়ে জুৰুলা কৰি ৰাখিছে দক্ষিণ কোৰিয়াক ৷ শেহতীয়াকৈ কোভিড 19 ত আক্ৰান্ত হোৱা 25 জন লোক সহ দেশখনত বৰ্তমানলৈকে আক্ৰান্তৰ সংখ্যা 14,175 গৰাকীলৈ বৃদ্ধি পাইছে ৷ দেশখনৰ ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ বিভাগৰ তথ্য অনুসৰি নতুনকৈ আক্ৰান্ত সকলৰ 16 জনেই আক্ৰান্ত হোৱাৰ পূৰ্বে বিদেশী নাগৰিকৰ সৈতে আৱদ্ধ হৈ আছিল ৷ উল্লেখ্য যে , দক্ষিণ কোৰিয়াই বিগত কিছু দিনত ৰাছিয়াৰ বুছান বন্দৰৰ পশ্চিম অংশত ৰাছিয়ান পতাকাবাহী মালবাহী জাহাজত কৰ্মৰত 12 জনতকৈও অধিক কোভিড 19ত আক্ৰান্তক চিনাক্ত কৰিছিল ৷ মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰা ইৰাকৰ পৰা ওভতাই অনা বহু কেইজন শ্ৰমিকৰ দেহতো পোৱা গৈছিল ক’ৰণা ভাইৰাছৰ অৱস্থিতি ৷

আনহাতে গণসংক্ৰমণৰ বলি হোৱা 9 জনৰ ভিতৰত 8 জনেই চিউল মহানগৰ অঞ্চলৰ, যিটো স্থান ইতিমধ্য বিগত মে’ মাহৰ পৰাই কোভিড-19ৰ হটস্পট হিচাপে চিনাক্ত হৈ আহিছে ৷ ইতিমধ্যে দেশখনৰ স্বাস্থ্য মন্ত্ৰণালয়ে ধৰ্মীয় উপাসনাস্থলী, ৰেষ্টুৰেণ্ট তথা সামজিক অনুষ্ঠান সমূহৰ পৰা যাতে গণসংক্ৰমণ হ’ব নোৱাৰে, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৷

লগতে পঢ়কঃ বিহাৰত NDRFৰ উদ্ধাৰকাৰী নাওতেই প্ৰসৱ কৰিলে সন্তান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.