ETV Bharat / international

বিশ্বত 1,46,33,037 লৈ বৃদ্ধি কৰ'ণা আক্ৰান্তৰ সংখ্যা - tracker

বিশ্বত 1,46,33,037 গৰাকীতকৈও অধিক লোকলৈ সংক্ৰমিত হৈছে কৰ'ণা ভাইৰাছ ৷ আনহাতে মূখ্যভূমি চীনত দেওবাৰৰ দিনটোত 22 গৰাকী লোকৰ দেহত নতুনকৈ পোৱা গ'ল COVID-19 ৰ অৱস্থিতি ৷

বিশ্বত 1,46,33,037 লৈ বৃদ্ধি কৰ'ণা আক্ৰান্তৰ সংখ্যা

author img

By

Published : Jul 20, 2020, 11:54 AM IST

নিউজ ডেস্ক, 20 জুলাই: কৰ'ণা ভাইৰাছ মহামাৰী সমগ্ৰ বিশ্বতে 1,46,33,037 তকৈয়ো অধিক লোকলৈ সংক্ৰমিত হৈছে ৷ লগতে এই মহমাৰীৰ ফলত বিশ্বজুৰি 6,08,539 তকৈয়ো অধিক লোকে মৃত্যুক সাৱটি লৈছে ৷ অৱশ্যে বৰ্তমানলৈ এই মহামাৰীৰ কবলৰ পৰা আৰোগ্য লাভ কৰিছে 87,30,163 গৰাকীতকৈও অধিক লোকে ৷

বিশ্বত 1,46,33,037 লৈ বৃদ্ধি কৰ'ণা আক্ৰান্তৰ সংখ্যা
বিশ্বত 1,46,33,037 লৈ বৃদ্ধি কৰ'ণা আক্ৰান্তৰ সংখ্যা

সোমবাৰে চীনৰ স্বাস্থ্য প্ৰাধিকৰণে এক প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, দেওবাৰে চীনত 22 গৰাকী লোকৰ দেহত নতুনকৈ COVID-19 ৰ অৱস্থিতি পোৱা গৈছে ৷ তাৰ ভিৰতৰ 17 গৰাকী লোকেই চীনৰ স্থানীয় নাগৰিক ৷

সকলো সংক্ৰমিত স্থানীয় লোকৰ ভিতৰত অধিকাংশই উত্তৰ-পশ্চিম চীনৰ জিনজিয়াং উইগুৰ স্বায়ত্বশাসিত অঞ্চলৰ বুলি উল্লেখ কৰে ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগৰ দৈনিক প্ৰতিবেদনত ৷

আয়োগে উল্লেখ কৰা অনুসৰি, দেওবাৰে দেশখনত এই ৰোগত আক্ৰান্ত কোনো লোকৰে মৃত্যু হোৱা নাই জানিব পৰা গৈছে ৷

লগতে পঢ়ক: অসমত কৰ‘ণা ভাইৰাছৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.