ETV Bharat / international

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া পৰিসংখ্যা

author img

By

Published : Jul 16, 2020, 12:56 PM IST

সমগ্ৰ বিশ্বতে 1,36,81,365 গৰাকীতকৈয়ো অধিক লোকৰ দেহত অতিক্ৰম কৰিলে কৰ'ণা ভাইৰাছৰ সংক্ৰমণে ৷ ভিন্ন বিশ্বৰ ভিন্ন দেশত COVID-19ৰ সামগ্ৰিক তথ্য জানিবলৈ চাওক এই প্ৰতিবেদন...

Global COVID-19 tracker
Global COVID-19 tracker

নিউজ ডেস্ক, 16 জুলাই: কৰ'ণা ভাইৰাছে মহামাৰী সৃষ্টি কৰিছে সমগ্ৰ বিশ্বতে ৷ এইপৰ্যন্ত 1,36,81,365 গৰাকীতকৈয়ো অধিক লোকৰ দেহলৈ সংক্ৰমণ হৈছে কৰ'ণা ভাইৰাছ ৷ ইয়াৰোপৰি এই মহামাৰীত আক্ৰান্ত হৈ 5,86,128 তকৈয়ো অধিক লোকে এই পৰ্যন্ত মৃত্যুক সাৱটি লৈছে ৷ অৱশ্যে 80,28,216ৰো অধিক লোক ইতিমধ্যে সুস্থ হৈ উঠিছে কৰ'ণা মহামাৰীৰ কবলৰ পৰা ৷

ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে বৃহস্পতিবাৰে সদৰি কৰে যে, বুধবাৰৰ দিনটোত চীনত 26 গৰাকী লোক এই মহামাৰীৰ কবলৰ পৰা সুস্থ হৈ উঠাৰ বাবে, তেওঁলোকক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে ৷

আয়োগৰ দ্বাৰা প্ৰকাশিত দৈনিক প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, বৰ্তমানেও দেশখনত গুৰুতৰ অৱস্থাত থকা 3 গৰাকী ৰোগীৰ সৈতে, মুঠ 259 গৰাকী ৰোগীৰ চিকিৎসা অব্যাহত আছে ৷

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া পৰিসংখ্যা
COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া পৰিসংখ্যা

শেহতীয়াকৈ আৰব চৰকাৰে দেশখনত নতুনকৈ 275 গৰাকী লোক কৰ'ণা মহামাৰীত আক্ৰান্ত হোৱা বুলি ঘোষণা কৰিছে ৷ যাৰ লগে-লগে দেশখনত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পালে 55,848 গৰাকীলৈ ৷

বুধবাৰে স্বাস্থ্য আৰু প্ৰতিৰোধ মন্ত্ৰণালয়ে উল্লেখ কৰা অনুসৰি, বহু দেশতে নতুনকৈ আক্ৰান্ত হোৱা লোক সকল এক স্থিতিশীল অৱস্থাত থকাৰ লগতে, চিকিৎসা লাভ কৰি আছে ৷

বুধবাৰে স্বাস্থ্য বিষয়া সকলে জানিবলৈ দিয়া অনুসৰি, বাংলাদেশত বিগত 24 ঘন্টাত মুঠ 3353 গৰাকী লোকৰ দেহত নতুনকৈ পোৱা গৈছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ ইয়াৰ লগে লগে দেশখনত কৰ'ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় মুঠ 193,590 গৰাকীলৈ ৷

দক্ষিণ কোৰিয়াত নতুনকৈ 61 গৰাকী লোকৰ দেহত পোৱা গৈছে এই মহামাৰীৰ অৱস্থিতি ৷ ইয়াৰ ভিতৰত অধিকাংশ লোকেই দেশখনলৈ অহা আন্তঃৰাষ্ট্ৰীয় যাত্ৰী ৷ বৃহস্পতিবাৰে কোৰিয়াৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই উল্লেখ কৰা অনুসৰি দেশখনত আক্ৰান্ত লোকৰ সংখ্যা 13,612 গৰাকীলৈ বৃদ্ধি পায়, 291 গৰাকী মৃতকৰ সৈতে ৷

লগতে পঢ়ক: বুধবাৰৰ দিনটোত ৰাজ্যত 1088 গৰাকী আক্ৰান্ত ক'ভিড-19 ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.