ইন্টাৰনেশ্যনেল ডেক্স,16 মেঃ কৰ'ণা ভাইৰাছ মহামাৰীত এইপৰ্যন্ত সমগ্ৰ বিশ্বতে মুঠ 46,28,393 গৰাকীতকৈও অধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 3,08,645 গৰাকীৰ । আনহাতে, এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে 17,58,039 গৰাকীয়ে ।
ৰাছিয়াত বিগত 24 ঘন্টাত 10,598 টা নতুন কোভিড 19 ৰ ঘটনা পোহৰলৈ আহিছে । ইয়াৰ পিছতেই দেশখনত আক্ৰান্তৰ সংখ্যা মুঠ 2,62,843 হয় । আনহাতে, জিনহুৱা নিউজ এজেঞ্চিয়ে ব্যক্ত কৰে যে, বিগত 24 ঘন্টাত দেশখনত নতুনকৈ 113 গৰাকী লোকৰ মৃত্যু হৈ মুঠ 2,418 গৰাকী হয় । ইয়াৰ বিপৰীতে আৰোগ্য লাভ কৰিছে 58,226 গৰাকী লোকে ।
মস্কোত বিগত 28 ঘন্টাত 4,748 টা কৰ'ণা ভাইৰাছৰ নতুন ঘটনা পোহৰলৈ আহিছে । সম্প্ৰতি মস্কোত আক্ৰান্তৰ সংখ্যা মুঠ 1,35,464 । এইপৰ্যন্ত দেশখনত কভিড 19ৰ বাবে 6.4 মিলিয়নৰো অধিক স্বাস্থ্য পৰীক্ষা কৰা হৈছে লগতে 2,56,847 গৰাকী লোকক পৰ্যবেক্ষণত ৰখা হৈছে ।
লগতে পঢ়ক-উত্তৰ প্ৰদেশত ট্ৰাক দুৰ্ঘটনা,24 গৰাকী শ্ৰমিক নিহত আৰু আহত 36