ETV Bharat / international

গ্ল'ৱেল COVID-19 ট্ৰেকাৰ

author img

By

Published : May 11, 2020, 10:40 AM IST

বিশ্বজুৰি কৰ'ণা ভাইৰাছে 41,80,922 লোকক আক্ৰান্ত কৰাৰ লগতে প্ৰাণ কাঢ়ি নিছে 2,83,868 লোকৰ ৷ আনহাতে, প্ৰায় 14,93,401 লোক আৰোগ্য হৈ উঠিছে বুলি তথ্যত প্ৰকাশ ৷

কৰ'ণা ভাইৰাছ
গ্ল'ৱেল COVID-19 ট্ৰেকাৰ

ইন্টাৰনেশ্যনেল ডেস্ক, 8 মে' : বিশ্বজুৰি কৰ'ণা ভাইৰাছে 41,80,922 লোকক আক্ৰান্ত কৰাৰ লগতে প্ৰাণ কাঢ়ি নিছে 2,83,868 লোকৰ ৷ আনহাতে, প্ৰায় 14,93,401 লোক আৰোগ্য হৈ উঠিছে বুলি তথ্যত প্ৰকাশ ৷

কৰ'ণা ভাইৰাছ
গ্ল'ৱেল COVID-19 ট্ৰেকাৰ

সোমবাৰে চীনে প্ৰদান কৰা তথ্য অনুসৰি, দেশখনত পুনৰ বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা ৷ সেয়েহে চীনৰ চৰকাৰে দেশৰ জনসাধাৰণক সতৰ্ক কৰি দিয়াৰ লগতে নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ আহ্বান জনাইছে ৷ ৰাষ্ট্ৰীয় স্বাস্থ্য পৰিষদৰ মুখপাত্ৰ মি ফেঙে কয় যে, দেশখনত নতুনকৈ 17 জন লোক আক্ৰান্ত হৈছে ৷

দক্ষিণ কোৰিয়াই প্ৰদান কৰা তথ্য অনুসৰি দেশখনত যোৱা 24 ঘন্টাত নতুনকৈ আক্ৰান্ত হৈছে 35 জন ৷ একেৰাহে দ্বিতীয় দিনৰ বাবে দেশখনত আক্ৰান্তৰ সংখ্যা 30 ৰ অধিক হৈছে ৷ দেশখনত বৰ্তমানলৈকে 10,909 লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 256 জনৰ ৷

দক্ষিণ কোৰিয়াৰ ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ চেন্টাৰে প্ৰদান কৰা তথ্য অনুসৰি, আৰোগ্য় লোকৰ সংখ্যা 9,632 জন ৷ যোৱা 24 ঘন্টাত আক্ৰান্ত হোৱা 29 জন লোক স্থানীয়ভাৱে আক্ৰান্ত হোৱাৰ লগতে 6 জনৰ বিদেশ ভ্ৰমণৰ ইতিবৃত্ত আছে ৷

আনহাতে, আমেৰিকাত আক্ৰান্তৰ সংখ্যা 13,67,638 জন আৰু মৃত্যু হোৱা লোকৰ সংখ্য়া 80,787 জন ৷ স্পেইনত আক্ৰান্ত 2,64,663 জন আৰু মৃত্যু 26,621 জন, ইটালীত আক্ৰান্ত 2,19,070 জন আৰু মৃত্যু 30,560 জন, ব্ৰিটেইনত আক্ৰান্ত 2,19,183 জন আৰু মৃত্যু 31,858 জন, ৰাছিয়াত আক্ৰান্ত হৈছে 2,09,859 জন আৰু মৃত্যুৰ সংখ্যা 1,915 জন, ফ্ৰান্সত আক্ৰান্ত 1,76,970 জন আৰু মৃত্যু হৈছে 26,380 জনৰ ৷

ভাৰতবৰ্ষত শনিবাৰৰ পুৱা পৰ্যন্ত আক্ৰান্তৰ সংখ্যা 67,152 জন হোৱাৰ বিপৰীতে মৃতকৰ সংখ্যা 2,206 জন ৷ আনহাতে, আৰোগ্য হৈ উঠিছে 20,917 জন লোক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.