নেশ্যনেল ডেস্ক, 3 মে': কৰ'ণা ভাইৰাছ মহামাৰীত সমগ্ৰ পৃথিৱীতে 34,84,176তকৈয়ো অধিক লোক আক্ৰান্ত হোৱাৰ লগতে 2,44,778 লোকে ইতিমধ্যে মৃত্যুক সাৱটি লৈছে । উল্লেখ্য যে, বৰ্তমানলৈ 11,21,524 গৰাকী লোক সুস্থ হৈ উঠিছে ।
ব্ৰিটেইনৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি যুক্তৰাষ্ট্ৰত এই মহামাৰীৰ অৱস্থিতি পোৱাৰ পিচত মুঠ 28,131 লোকৰ মৃত্যু হৈছে । যি সংখ্যা পূৰ্বৰ তুলনাত বৰ্তমান 621 জনলৈ বৃদ্ধি পাইছে ।
আনহাতে তুৰ্কীৰ স্বাস্থ্যমন্ত্ৰীয়ে দেশখনত বিগত 24 ঘন্টাৰ ভিতৰত 78 গৰাকী কৰ'ণা আক্ৰান্ত লোকৰ মৃত্যু হোৱা বুলি ঘোষণা কৰিছে । দেশখনত বৰ্তমানলৈ 3,336 গৰাকী লোকে মৃত্যুক সাৱটি লৈছে ।
শনিবাৰে মন্ত্ৰী গৰাকীয়ে টুইটযোগে প্ৰকাশ কৰে যে, দেশখনত 1,983 গৰাকী লোক নতুনকৈ এই মহামাৰীত আক্ৰান্ত হয় আৰু আক্ৰান্তৰ সংখ্যা 124,375লৈ বৃদ্ধি পায় ।
নতুন তথ্য অনুসৰি, তুৰ্কী বৰ্তমান কৰ'ণা ভাইৰাছ আক্ৰান্তৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে সপ্তম স্থানত আছে ।
লগতে পঢ়কঃ দুই মহামাৰীৰ জীৱন্ত সাক্ষী 101 বছৰীয়া এঞ্জেলিনা ফ্ৰাইদমেন...