নেশ্যনেল ডেস্ক, 31 মাৰ্চ : মহামাৰী হিচাপে ঘোষণা কৰা কোভিড-19 য়ে সমগ্ৰ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰিছে ৷ বৰ্তমানলৈকে 7,80,000 লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুক সাৱটিছে 37,000 ৰো অধিক লোকে ৷
কোভিড-19 ৰ ফলত নিউয়ৰ্কত মৃতকৰ সংখ্যা 1,200 ৰো অধিক হোৱাৰ ফলত নিউয়ৰ্ক আৰু কেলিফৰ্নিয়াৰ প্ৰশাসনিক বিষয়াই বৃদ্ধি কৰিছে স্বাস্থ্যকৰ্মীৰ সংখ্যা ৷ ইয়াৰোপৰি,যোৱা চাৰিদিনত কেলিফৰ্নিয়াত বৃদ্ধি পাইছে চিকিৎসাধীন লোকৰ সংখ্যা ৷
এই মহামাৰীয়ে বিশ্বৰ ধনী দেশসমূহকো জুৰুলা কৰি পেলাইছে ৷ নিউয়ৰ্কৰ দৰে আগশাৰীৰ চহৰক কৰ'ণা ভাইৰাছ আতংকই ছানি ধৰাৰ পৰা এই অনুমান কৰিব পাৰি যে, ইয়াৰ বিৰুদ্ধে এতিয়াও দীঘলীয়া যুঁজ কৰিবলগা পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা আছে ৷ মহামাৰীয়ে ইমানেই তীব্ৰ ৰূপ ধাৰণ কৰিছে যে,বিশ্বৰ প্ৰায়ভাগ দেশতে চৰকাৰী কৰ্তৃপক্ষই লকডাউন ঘোষণা কৰিবলৈ বাধ্য হৈছে ৷
বেছিসংখ্যক লোকৰ বাবে কৰ'ণা ভাইৰাছৰ লক্ষণ হৈছে দুই অথবা তিনি সপ্তাহৰ বাবে জ্বৰ আৰু কাঁহ ৷ আনহাতে,বয়সস্থ লোক আৰু পূৰ্বৰ পৰা বিভিন্ন ৰোগত আক্ৰান্ত লোকৰ ক্ষেত্ৰত এই ভাইৰাছে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ লগতে নিউমোনিয়া আৰু মৃত্যু পৰ্যন্ত হ'ব পাৰে ৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে,আক্ৰান্তৰ অধিকাংশ লোকে ইয়াৰ পৰা আৰোগ্য হ'বলৈ সক্ষম হৈছে ৷ সঘনে চাবোন আৰু পানীৰে হাত ধুৱাই হৈছে এই ভাইৰাছ সংক্ৰমণৰ পৰা বাছি থকাৰ শ্ৰেষ্ঠ উপায় ৷
আৰু পঢ়ক : টেলিভিছনৰ সোণালী সময়: স্মূতি ৰোমন্ঠন কৰালে দূৰদৰ্শনে