ETV Bharat / international

পাকিস্তানত গেছ চিলিণ্ডাৰ বিস্ফোৰণত ৮ জন নিহত - পাকিস্তানত গেছ চিলিণ্ডাৰ বিস্ফোৰণত ৮ জন নিহত

দক্ষিণ-পশ্চিম পাকিস্তানৰ পথৰ কাষৰ এখন সৰু বজাৰত গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত কমেও আঠজন লোক নিহত হয় আৰু কেইবাজনো লোক আহত হয় । আহতসকলক এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

Gas cylinder blast
পাকিস্তানত গেছ চিলিণ্ডাৰ বিস্ফোৰণত ৮ জন নিহত
author img

By

Published : Jun 9, 2021, 4:01 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,৯ জুন: পাকিস্তানত শোকাৱহ ঘটনা । সোমবাৰে দক্ষিণ-পশ্চিম পাকিস্তানত গেছ চিলিণ্ডাৰ বিস্ফোৰণত আঠজনকৈ লোকৰ মৃত্যু হয় । পথৰ কাষৰ এখন বজাৰত সংঘটিত এই ঘটনাত আন দুজন লোকো আহত হয় ।

চুবুৰীয়া ইৰাণৰ সীমান্তৱৰ্তী বেলুচিস্তান প্ৰদেশৰ দূৰৱৰ্তী চহৰ মাশকেলত এই বিস্ফোৰণ সংঘটিত হয় বুলি স্থানীয় আৰক্ষী বিষয়া হাচিল খানে জনায় । তেওঁ জনোৱা মতে বিস্ফোৰণত মাটিৰ আৰু ইটাৰ দোকানবোৰ খহি পৰে, যাৰ ফলত হতাহত হয় ।

আৰক্ষী বিষয়াজনৰ মতে মৃতসকলৰ ভিতৰত আফগান শৰণাৰ্থীও আছিল । ইতিমধ্যে আহতসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু বিষয়াসকলে এতিয়াও অনুসন্ধান অব্যাহত ৰাখিছে । উন্নত সুৰক্ষা মানদণ্ডৰ অভাৱতে সম্ভৱত পাকিস্তানত প্ৰায়ে এই ধৰণৰ গেছ চিলিণ্ডাৰৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈ আহিছে । মাশকেল বেলুচিস্তানৰ ৰাজধানী কুৱেটাৰ পৰা ১৫০ কিলোমিটাৰ (৯০ মাইল) পশ্চিমে অৱস্থিত।

লগতে পঢ়ক:Afghanistan Violence: ২ দিনত ১১৯ জন লোক নিহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.