ইন্টাৰনেশ্যনেল ডেস্ক,14 জানুৱাৰী: বাংলাদেশৰ কক্স বজাৰৰ নয়াপাৰা ৰহংগিয়া শৰণাৰ্থী শিবিৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ এই অগ্নিকাণ্ডত জাহ যায় টেকনাফ শৰণাৰ্থী শিবিৰৰ অতি কমেও 500 টা শৰণাৰ্থী পৰিয়ালৰ অস্থায়ী টেন্ট ৷ যাৰ ফলত এতিয়া গৃহহাৰা হৈ পৰিছে এইসকল লোক ৷ কিন্তু এই অগ্নিকাণ্ডত হতাহতি হোৱা নাই কোনো লোক ৷ ঢাকা ট্ৰিবিউনে প্ৰকাশ কৰিছে এই তথ্য ৷ অতিৰিক্ত শৰণাৰ্থীৰ সাহাৰ্য আৰু পুনৰ সংস্থাপন আয়ুক্ত মঃ চামছুদ দৌজাই প্ৰকাশ কৰা অনুসৰি, বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় 3 বজাত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ ততাতৈয়াকৈ ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ প্ৰায় 2 ঘন্টাৰ ভিতৰত জুই নিৰ্বাপন কৰে যদিও তেতিয়ালৈকে প্ৰায় 500 পৰিয়ালৰ অস্থায়ী বাসস্থান সম্পূৰ্ণৰূপে ভস্মীভূত হয় বুলি প্ৰকাশ কৰিছে আয়ুক্ত মঃ চামছুদ দৌজাই ৷
নিউইয়ৰ্ক টাইমছে প্ৰকাশ কৰা অনুসৰি ততাতৈয়াকৈ প্ৰায় 1 হাজাৰ গৰাকী মুছলমান শৰণাৰ্থীক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰে ৷ জুইৰ লেলিহান শিখাই সমগ্ৰ অঞ্চলটো আৱৰি ধৰাত বাসস্থান এৰি পলায়ন কৰে নয়াপাৰা ৰহংগিয়া শৰণাৰ্থী শিবিৰৰ কাষতে থকা আন বহু শৰণাৰ্থী পৰিয়াল ৷ উল্লেখ্য যে, বিগত বৰ্ষৰ মে' মাহত কক্স বজাৰৰ সমীপৰ কুটুপালাং শৰণাৰ্থী শিবিৰত একে ধৰণৰ অগ্নিকাণ্ডই প্ৰায় 400 টা পৰিয়ালক গৃহহাৰা কৰিছিল ৷ অত্যধিক জনবহুল এই অঞ্চলসমূহত জুই নিৰ্বাপন কৰাটো অত্যন্ত কঠিন বুলি প্ৰকাশ কৰিছে অগ্নি নিৰ্বাপক বাহিনীয়ে ৷ অতি তাৎপৰ্যপূৰ্ণ বিষয়টো এইয়ে যে, বৰ্তমানেও অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা নাই আৰক্ষী তথা প্ৰশাসনে ৷ যাৰ বাবে এক ৰহস্যৰ মাজত সোমাই পৰিছে সমগ্ৰ ঘটনাটো ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷
লগতে পঢ়কঃ 3000 খন ঠাইত ক'ভিড-19 প্ৰতিষেধক প্ৰদান অভিযানৰ বাবে সাজু ভাৰত