ইণ্টাৰনেশ্যনেল ডেস্ক, ১২ এপ্ৰিল: অষ্ট্ৰেলিয়াৰ পশ্চিম উপকূলৰ কেইবাখনো চহৰত বিধ্বংসী ঘূৰ্ণিৰ ফলত বিস্তৰ ক্ষতিসাধন ৷ বিধ্বংসী বতাহৰ ফলত ঘৰ-দুৱাৰ, গছ-গছনি ভাঙি তচনচ হোৱাৰ লগতে চহৰ সমূহত বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰে বুলি জানিব পৰা গৈছে ৷
এই ঘটনাৰ ফলত বৰ্তমানলৈ কোনো লোক হতাহত হোৱা নাই যদিও দেশখনৰ ৰাজধানী পাৰ্থৰ পৰা ৫৮০ কিলোমিটাৰ (৩৬০ মাইল) উত্তৰে অৱস্থিত চহৰ কালবাৰীৰ ১,৪০০ পৰিয়ালৰ অট্টালিকা ভাঙি বিস্তৰ ক্ষতি সাধন কৰে । সাধাৰণতে অষ্ট্ৰেলিয়াত এনে বিধ্বংসী বতাহ খুউব কমেইহে দেখিবলৈ পোৱা যায় ৷
উল্লেখ্য যে, ১৯৫৬ চনতো কালবাৰীত বিধ্বংসী ঘূৰ্ণিয়ে যথেষ্ট ক্ষতি সাধন কৰিছিল । সুদীৰ্ঘ ৫০ বছৰৰ পাছত অহা এইবাৰৰ দ্বিতীয় বিধ্বংসী বতাহজাকে অঞ্চলটোৰ বিস্তৰ ক্ষতি সাধন কৰিছে । জানিব পৰা মতে, কালবাৰীৰ দক্ষিণে ১৬০ কিলোমিটাৰ (১০০ মাইল) দূৰত্বত থকা গেৰাল্ডটন নামৰ জাহাজঘাটলৈ ১৪০ কিলোমিটাৰ বেগেৰে এই বতাহ বলিছিল । প্ৰাপ্ত তথ্য অনুসৰি, বিগত সপ্তাহত ইণ্ডোনেছিয়া আৰু পূব তিমুৰত 'চেৰোজা' নামৰ ঘূৰ্ণীৰ ফলত ১৭৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৪৮ গৰাকী লোক সন্ধানহীন হৈছিল ।
লগতে পঢ়ক: জাভা দ্বীপৰ ভূমিকম্পত ৮ গৰাকীৰ মৃত্যু