ETV Bharat / international

নিউম'নিয়াত আক্ৰান্ত হৈ চিকিৎসাধীন আৰ্মেনিয়াৰ ৰাষ্ট্ৰপতি - পত্নীৰ দেহতো কৰ'ণা ভাইৰাছৰ উপস্থিতি

শেহতীয়াকৈ COVID-১৯ত আক্ৰান্ত হোৱা আৰ্মেনিয়াৰ ৰাষ্ট্ৰপতি ছাৰকিছিয়ান এইবাৰ নিউম'নিয়া ৰোগত আক্ৰান্ত হৈছে । সম্প্ৰতি চিকিৎসাধীন হৈ আছে ৰাষ্ট্ৰপতিগৰাকী ।

নিউম'নিয়াত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে আৰ্মেনিয়াৰ ৰাষ্ট্ৰপতি

author img

By

Published : Jan 13, 2021, 7:23 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,১৩ জানুৱাৰী: ইটোৰ পিছত সিটো ৰোগে লগ নেৰা হৈছে আৰ্মেনিয়াৰ ৰাষ্ট্ৰপতি ছাৰকিছিয়ানৰ । নিউম'নিয়া ৰোগত আক্ৰান্ত হৈছে ৰাষ্ট্ৰপতিগৰাকী । সম্প্ৰতি তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । বুধবাৰে ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে এই কথা প্ৰকাশ কৰে ।

শেহতীয়াকৈ ৰাষ্ট্ৰপতি ছাৰকিছিয়ান COVID-১৯ত আক্ৰান্ত হৈছিল আৰু বাসভৱনতে তেওঁৰ চিকিৎসা চলি আছিল । এই সময়তে তেওঁ নিউম'নিয়া ৰোগত আক্ৰান্ত হোৱাত চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় । জ্বৰ, ডাবল নিউম'নিয়া আদি লক্ষণ থকাৰ বাবে এতিয়াও তেওঁৰ স্বাস্থ্যৰ অৱস্থা জটিল হৈ আছে ।

যোৱা ৫ জানুৱাৰীত ছাৰকিছিয়ানৰ সচিবে স্পুটিনিকৰ আগত প্ৰকাশ কৰে যে, লণ্ডনত কিছুদিন পূৰ্বে ৰাষ্ট্ৰপতিগৰাকীয়ে পৰিয়ালৰ সৈতে নৱবৰ্ষ উদযাপন কৰাৰ লগতে তেওঁৰ ভৰিৰ অস্ত্ৰোপচাৰো সম্পন্ন হৈছিল । সেই সময়তে ৰাষ্ট্ৰপতিগৰাকী COVID-১৯ত আক্ৰান্ত হয় । তেওঁৰ পত্নীৰ দেহতো কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে ।

লগতে পঢ়ক:মাৰ্কিন কেপিট’ল হিংসা : 70 গৰাকীৰ বিৰুদ্ধে অভিযোগ এফবিআইৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.