ETV Bharat / international

বিশ্বত 2,18,17,650 লৈ বৃদ্ধি কৰ'ণাৰ সংক্ৰমণ - TRACKER

বিগত 24 ঘণ্টাত সমগ্ৰ বিশ্বতে কৰ'ণা ভাইৰাছ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পায় মুঠ 2,18,17,650 গৰাকী লোকলৈ ৷ বিশ্বৰ ভিন্ন দেশত কৰ'ণা আক্ৰান্তৰ শেহতীয়া পৰিসংখ্যা জানিবলৈ চাওক এই প্ৰতিবেদন...

কৰ'ণাৰ সংক্ৰমণ
কৰ'ণাৰ সংক্ৰমণ
author img

By

Published : Aug 17, 2020, 8:19 AM IST

নিউজ ডেস্ক, 17 আগষ্ট: সমগ্ৰ বিশ্বতে কৰ'ণা ভাইৰাছ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পায় মুঠ 2,18,17,650 গৰাকী লোকলৈ ৷ সোমবাৰৰ দিনটোলৈ বিশ্বত মুঠ 1,99,889 গৰাকী লোকৰ দেহত নতুনকৈ পোৱা গৈছে এই মহামাৰীৰ অৱস্থিতি ৷

উল্লেখ্য যে, এই মহামাৰীত আক্ৰান্ত হৈ সমগ্ৰ বিশ্বতে মুঠ 7,72,751 গৰাকী লোকলৈ বৃদ্ধি পায় মৃতকৰ সংখ্যা ৷ বিগত 24 ঘণ্টাত বিশ্বত মুঠ 3,747 গৰাকী লোকে এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে ৷

এই পৰ্যন্ত বিশ্বৰ দেশসমূহৰ ভিতৰত কৰ'ণা মহমাৰীত সৰ্বাধিক আক্ৰান্ত লোকৰ সংখ্যা পোৱা গৈছে আমেৰিকাত ৷ আমেৰিকাত 55,66,600 তকৈয়ো অধিক লোক এই মহামাৰীত আক্ৰান্ত হোৱাৰ বিপৰীতে, 1,73,128 গৰাকীলৈ বৃদ্ধি পায় আক্ৰান্ত লোকৰ মৃত্যুৰ সংখ্যা ৷

আমেৰিকাৰ পাচতে আক্ৰান্তৰ ক্ষেত্ৰত দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে ব্ৰাজিল আৰু ভাৰত ৷ ব্ৰাজিলত 33,4,197 গৰাকী লোক কৰ'ণা মহামাৰীত আক্ৰান্ত হোৱাৰ বিপৰীতে, ভাৰতত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 26 লক্ষাধিক ৷

সমান্তৰালকৈ ৰাছিয়া, দক্ষিণ আফ্ৰিকা, পেৰু, মেক্সিকো আদি দেশতো অব্যাহত আছে কৰ'ণা ভাইৰাছৰ ক্ৰমবৰ্ধমান সংক্ৰমণ ৷

লগতে পঢ়ক: ভাৰতত প্ৰায় 50,000 লৈ বৃদ্ধি কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.