ETV Bharat / international

বিশ্বৰ ভিন্ন দেশত কৰ'ণা মহামাৰীৰ সাম্প্ৰতিক খবৰ - কৰ'ণা মহামাৰী

ভিডিঅ'যোগে চাওক বিশ্বৰ ভিন্ন দেশত কৰ'ণা মহামাৰী সম্প্ৰসাৰণৰ সাম্প্ৰতিক তথ্য...

covid-19 global tracker
covid-19 global tracker
author img

By

Published : Jul 16, 2020, 12:35 PM IST

নিউজ ডেস্ক, 16 জুলাই: কৰ'ণা মহামাৰীয়ে বিধ্বস্ত কৰিছে পৃথিৱীৰ অধিকাংশ দেশৰে গতানুগতিক জীৱন ৷ এক বিৰাম লগাইছে বিশ্বজুৰি কোটি কোটি লোকৰ জীৱনত ৷ এই মহামাৰীৰ সম্প্ৰসাৰণ ৰোধৰ বাবে ভিন্ন দেশৰ চৰকাৰে ঘোষণা কৰা লক ডাউনৰ ফলত, নিজৰ উপাৰ্জনৰ একমাত্ৰ থলো হেৰুৱাবলগীয়া হৈছে বহু লোকে ৷ নিম্নগামী হৈ পৰিছে ভিন্ন দেশৰ অৰ্থনীতিও ৷

বিশ্বৰ ভিন্ন দেশত কৰ'ণা মহামাৰীৰ সাম্প্ৰতিক খবৰ

16 জুলাইৰ দিনটোলৈ সমগ্ৰ পৃথিৱীতে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পালে মুঠ 1,36,81,365 গৰাকী লোকলৈ ৷ কেৱল বৃহস্পতিবাৰৰ দিনটোতে বিশ্বৰ ভিন্ন প্ৰান্তৰ মুঠ 2,34,011 গৰাকী লোকৰ দেহত পোৱা গৈছে কৰ'ণাৰ অৱস্থিতি ৷ ইয়াৰ সমান্তৰালকৈ সমগ্ৰ বিশ্বতে এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পালে 5,86,128 গৰাকী লোকলৈ ৷ উল্লেখ্য যে, এই মহামাৰীৰ ফলত আটাইতকৈ অধিক আক্ৰান্ত হোৱা তিনিখন দেশ হ'ল ক্ৰমে আমেৰিকা, ব্ৰাজিল আৰু ভাৰত ৷ সমান্তৰালকৈ ৰাছিয়া, পেৰু, মেক্সিকো দক্ষিণ আফ্ৰিকা, স্পেইন আদি দেশতো বৃদ্ধি পাবলৈ ধৰিছে এই মহামাৰীৰ সংক্ৰমণ ৷

লগতে পঢ়ক: বুধবাৰৰ দিনটোত ৰাজ্যত 1088 গৰাকী আক্ৰান্ত ক'ভিড-19 ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.