ETV Bharat / international

গলৱান নালাত কেইবাশ গজ পিছুৱাই গ'ল চীনা সৈন্য : সূত্ৰ

author img

By

Published : Jun 4, 2020, 9:59 AM IST

চীন আৰু ভাৰতৰ মাজত 6 জুনত লেফটেনেন্ট জেনেৰেল পৰ্যায়ৰ এক বাৰ্তালাপ অনুষ্ঠিত হ'ব ৷ দুই দেশৰ মাজত যুদ্ধ আৰম্ভ হোৱাক লৈ যি উদ্ধেগৰ সৃষ্টি হৈছিল সেই উদ্বেগৰ অন্ত পৰাৰ সম্ভাৱনা আছে ৷

চীন আৰু ভাৰত
গলৱান নালাত কেইবাশ গজ পিছুৱাই গ'ল চীনা সৈন্য : সূত্ৰ

নেশ্যনেল ডেস্ক, 4 জুন : নিয়ন্ত্ৰণ ৰেখাত ভাৰত-চীন সংঘাত সম্পৰ্কত দুয়ো দেশে আলোচনা কৰি থকাৰ সময়তে গলৱান নালা অঞ্চলত কেইবাশ গজ পিছুৱাই গৈছে চীনৰ সেনা ৷ তথ্যৰ পৰা জানিব পৰা অনুসৰি, গলৱান উপত্যকাৰ এটা অঞ্চলত নিয়ন্ত্ৰণ ৰেখাৰ চীনৰ ফালৰ পৰা দেশখনৰ সৈন্য কেইবাশ গজ পিছুৱাই গৈছে ৷

ভাৰতীয় সেনাৰ বিৰুদ্ধে নিয়ন্ত্ৰণ ৰেখাত পিপলছ লিবাৰেছন আৰ্মীৰ যোৱা তিনি-চাৰি দিনত কোনো চাল-চলন প্ৰত্যক্ষ কৰা নাই ৷ পূৱ লাডাখ অঞ্চলত চীনৰ বায়ু সেনাৰ যুদ্ধ বিমানৰ উৰণ তথা চীনৰ বিমানে ভাৰতৰ সীমান্তত প্ৰৱেশ কৰা সম্পৰ্কত দুই দেশে আলোচনা কৰিছে বুলি জানিব পৰা গৈছে ৷

চীনে নিয়ন্ত্ৰণ ৰেখাত 5,000 সেনা প্ৰৱেশ কৰোৱা সম্পৰ্কত দুই দেশে মে'ৰ প্ৰথম সপ্তাহৰ পৰা বহুকেইখন বৈঠকৰ আয়োজন কৰিছে ৷

তথ্য অনুসৰি, দুই দেশৰ মাজত 6 জুনত লেফটেনেন্ট জেনেৰেল পৰ্যায়ৰ এক বাৰ্তালাপ অনুষ্ঠিত হ'ব ৷ দুই দেশৰ মাজত যুদ্ধ আৰম্ভ হোৱাক লৈ যি উদ্ধেগৰ সৃষ্টি হৈছিল সেই উদ্বেগৰ অন্ত পৰাৰ সম্ভাৱনা আছে ৷

পূৱ লাডাখ অঞ্চলত ভাৰত আৰু চীনৰ প্ৰায় সম পৰ্যায়ৰ সৈন্য মোতায়ন কৰি ৰখা হৈছে আৰু দুয়ো পক্ষই গোলা-বাৰুদ আৰু যুদ্ধ সামগ্ৰী সাজু কৰি ৰাখিছে ৷ উল্লেখ্য যে, এই অঞ্চলত 1967 চনৰ পৰাই কোনো গুলীবৰ্ষণৰ ঘটনা সংঘটিত হোৱা নাই ৷

নিৰ্মাণকাৰ্য সম্পৰ্কীয় বিষয়ত গলৱান নালা অঞ্চলত প্ৰায় এমাহ ধৰি দুয়ো পক্ষৰ মাজত উদ্বিগ্নতা বৃদ্ধি পাইছে ৷ তথ্যই প্ৰকাশ কৰা অনুসৰি, ছেটেলাইটৰ আলোকচিত্ৰ আৰু চোৰাংচোৱা সংস্থাই জানিবলৈ দিছে যে, যোৱা দুই বছৰত চীনে ভাৰতৰ নিয়ন্ত্ৰণ ৰেখাৰ নিকটৱৰ্তী অঞ্চলত পথ নিৰ্মাণ কৰি আহিছে ৷ চীনৰ এই কাৰ্যৰ পাচতে ভাৰতেও নিয়ন্ত্ৰণ ৰেখাৰ নিচেই ওচৰত Border Roads Organisation (BRO) ৰ জৰিয়তে পথ নিৰ্মাণ কৰে ৷

চীনৰ বিমানে ভাৰতৰ গলৱান নালা অঞ্চলৰ সীমান্তত প্ৰৱেশ কৰিলেও ভাৰতীয় এয়াৰক্ৰাফ্টৰ চাল-চলনক লৈ অভিযোগ কৰিছে চীনে ৷ বৰ্তমানৰ উদ্বেগজনক পৰিস্থিতিক ৰাষ্ট্ৰীয় সুৰক্ষা বিভাগে অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰাৰ লগতে সমস্যাৰ সমাধানৰ চেষ্টা কৰি আছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.