ইন্টাৰনেশ্যনেল ডেস্ক, 12 ফেব্ৰুৱাৰীঃ চীনত সংহাৰীৰূপ ধাৰণ কৰিছে মাৰাত্মক ক’ৰোণা ভাইৰাছে ৷ বুধবাৰে ইয়াৰ কৱলত পৰি মৃত্যু হোৱা লোকৰ সংখ্যা 1,113 গৰাকীলৈ বৃদ্ধি হৈছে ৷ বুধবাৰৰ দিনটোত চীনৰ হুৱেই প্ৰদেশত এই ভাইৰাছৰ কৱলত পৰি 98 গৰাকী লোকৰ মৃত্যু হয় ৷
হুৱেইৰ স্বাস্থ্য বিভাগে দৈনিক প্ৰতিবেদন অনুসৰি হুৱেইত বিগত ডিচেম্বৰৰ পৰা ক’ৰোণা ভাইৰাছৰ সংক্ৰমণত পৰা লোকৰ সংখ্যা 1,638 গৰাকীলৈ বৃদ্ধি হৈছে ৷ চৰকাৰী তথ্য অনুসৰি সমগ্ৰ চীনত ইয়াৰ সংখ্যা 44,200 গৰাকীলৈ বৃদ্ধি হৈছে ৷ এই নতুন ভাইৰাছবিধ যোৱা বৰ্ষত চীনৰ হুৱেইৰ ৰাজধানী য়ুহানত জন্তুৰ পৰা সংক্ৰমিত হোৱা বুলি চিনাক্ত হৈছিল ৷
এই ভাইৰাছবিধৰ অফিচিয়েল নাম COVID-19 বুলি জেনেভাত অনুষ্ঠিত বিশ্ব স্বাস্থ্য সংস্থাৰ সন্মিলনত প্ৰকাশ কৰা হয় ৷ এই সন্মিলনত এই ভাইৰাছ বিশ্বব্যাপি সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰতো ব্যৱস্থা লোৱাৰ বিষয়ে আলোচনা কৰা হয় ৷
বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য টেডৰোচ আধানোম ঘেবৰেয়েচুচে মঙলবাৰে জনাই যে ইয়াৰ 99% আক্ৰান্ত হোৱা লোকৰ সংখ্যা কেৱল চীনতে দেখা গৈছে ৷ লগতে ইয়াৰ মাৰাত্মকতা চীনতে সকলোতকৈ অধিক ৷ তেওঁ সকলো দেশকে এই ভাইৰাছ ৰোধ কৰাৰ বাবে সকলো ধৰণৰ গৱেষণাৰ বিষয়ে যুগুতোৱা তথ্যসমূহ প্ৰকাশ কৰিবলৈ আহ্বান জনায় ৷
আনহাতে মঙলবাৰে চীনৰ কৰ্তৃপক্ষই হুৱেই প্ৰদেশৰ দুগৰাকী স্বাস্থ্য বিষয়াক নিলম্বিত কৰে ৷ উল্লেখ্য যে হুৱেইৰ ৰাজধানী ইউহানত লক্ষাধিক লোক মাৰাত্মকৰূপ ধাৰণ কৰা ক’ৰণা ভাইৰাছৰ বাবে বিগত এমাহ ধৰি তীব্ৰ সীমাবদ্ধতাৰ মাজত বন্দী হৈ আছে ৷
আৰু পঢ়কঃচীনত অব্যাহত ক'ৰনা ভাইৰাছৰ সংহাৰ: মৃত্যুৰ সংখ্যা 811 জনলৈ বৃদ্ধি