ETV Bharat / international

চীনবাসীয়ে লাভ কৰিব বিনামূলীয়া ক'ভিড-১৯ প্ৰতিষেধক

author img

By

Published : Jan 9, 2021, 9:00 PM IST

চীনত ক'ভিড-১৯ প্ৰতিষেধক বিনামূলীয়াকৈ দিয়া হ'ব বুলি ঘোষণা জ্যেষ্ঠ স্বাস্থ্য বিষয়া জেং য়িক্সিঙৰ । ৫ ডিচেম্বৰৰ পৰা চীনত প্ৰায় ৯ মিলিয়ন লোকক ক'ভিড-১৯ প্ৰতিষেধক দিয়া হৈছে আৰু এই প্ৰতিষেধক সম্পূৰ্ণৰূপে সুৰক্ষিত হিচাপে প্ৰমাণিত হৈছে ।

চীনবাসীয়ে লাভ কৰিব বিনামূলীয়া COVID-১৯ প্ৰতিষেধক

ইন্টাৰনেশ্যনেল ডেস্ক, ৯ জানুৱাৰী: চীনত ক'ভিড-১৯ প্ৰতিষেধক বিনামূলীয়াকৈ দিয়া হ'ব বুলি শনিবাৰে দেশখনৰ জ্যেষ্ঠ স্বাস্থ্য বিষয়া জেং য়িক্সিঙে সংবাদমেলযোগে ঘোষণা কৰে । ১৫ ডিচেম্বৰৰ পৰা চীনত প্ৰায় ৯ মিলিয়ন লোকক ক'ভিড-১৯ প্ৰতিষেধক দিয়া হৈছে আৰু এই প্ৰতিষেধক সম্পূৰ্ণৰূপে সুৰক্ষিত হিচাপে প্ৰমাণিত হোৱাৰ কথাও প্ৰকাশ কৰে সংবাদমেলতে ।

ৰাষ্ট্ৰীয় স্বাস্থ্য সম্পৰ্কীয় সুৰক্ষা প্ৰশাসনৰ উপ-নিৰ্দেশক লী টাওৱে সংবাদ মাধ্যমক জনোৱা অনুসৰি, সকলো লোকৰে টীকাকৰণৰ মূল্য চীন চৰকাৰৰ নেতৃত্বত ৰাষ্ট্ৰীয় চিকিৎসা বীমা কোষ আৰু চৰকাৰী বিত্তীয় সংযুক্তৰ তৰফৰ পৰা দিয়া হ'ব । ইয়াৰ মাজতে চীনে প্ৰস্তুত কৰি উলিওৱা প্ৰতিষেধকত যে কোনো বিসংগতি নাই সেই সম্পৰ্কেও কয় য়িক্সিঙে । লগতে শীত কাল আৰু বসন্ত কালত অতিমাৰীবিধক প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰাৰ পৰিস্থিতি এতিয়াও গম্ভীৰ বুলি জনায় ।

বেইজিঙৰ দক্ষিণৰ দুখন চহৰৰ লোকক সাত দিনৰ বাবে ঘৰত থাকিবলৈ আহ্বান জনায় । ইয়াৰোপৰি হেবেই প্ৰান্তৰ চহৰসমূহতো সাৰ্বজনিক সমুদায় আদি বন্ধ ৰাখিবলৈ চীন চৰকাৰে ছচিয়েল মিডিয়াযোগে জাননী জাৰি কৰে । উল্লেখযোগ্য যে, বিগত সপ্তাহত চীনত ৩০০ তকৈও অধিক লোকৰ দেহত কৰ'ণা পজিটিভ ধৰা পৰিছিল ।

ইতিমধ্যে অতিমাৰীবিধৰ উৎপত্তিৰ কাৰণ সন্দৰ্ভত য়ুহান চহৰত গৈ ইয়াৰ অনুসন্ধান কৰিবলৈ বিশ্ব স্বাস্থ্য সংস্থাই তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: মাৰ্কিন কেপট'ল হিলৰ প্ৰতিবাদত অংশ লোৱা ভিনচেণ্ট জেভিয়াৰৰ বিৰুদ্ধে গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.