ETV Bharat / international

170 জনলৈ বৃদ্ধি কৰ’ণা ভাইৰাছত মৃত্যু হোৱাৰ সংখ্যা

author img

By

Published : Jan 30, 2020, 10:05 AM IST

চীনত সংহাৰী ৰূপ লোৱা কৰ’ণা ভাইৰাছত মৃত্যু 170 জনকৈ লোকৰ ৷ ৰাষ্ট্ৰখনত নতুনকৈ ধৰা পৰিছে 1700 টা সংক্ৰমণৰ ঘটনা ৷

170 জনলৈ বৃদ্ধি কৰ’ণা ভাইৰাছত মৃত্যু হোৱাৰ সংখ্যা
170 জনলৈ বৃদ্ধি কৰ’ণা ভাইৰাছত মৃত্যু হোৱাৰ সংখ্যা

আন্তঃৰাষ্ট্ৰীয় ডেস্ক, 28 জানুৱাৰীঃ চীনত সংহাৰী ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে ৷ বৰ্তমানলৈকে এই ভাইৰাছত দেশখনত মৃত্যু হোৱাৰ সংখ্যা বৃদ্ধি পাইছে 170 জনলৈ ৷ ইপিনে ৰাষ্ট্ৰখনত নতুন কৈ ধৰা পৰিছে 1700 টা সংক্ৰমণৰ ঘটনা ৷ এই কথা সদৰী কৰিছে চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাই ৷ বৰ্তমানলৈকে ৰাষ্ট্ৰখনত মুঠ সংক্ৰমণৰ ঘটনা ধৰা পৰিছে 7711 টা ৷ যাৰ বাবে এতিয়া চীন দেশলৈ যোৱা বহু বিমান বাতিল কৰা হৈছে ৷

ইতিমধ্যে এয়াৰ এণ্ডিয়া, ব্ৰিটিছ এয়াৰৱেছ, লায়ন এয়াৰ, ইণ্ডিগ’ এয়াৰে বুধবাৰে চীন দেশলৈ যোৱা বিমান সেৱা বাতিল কৰিছে ৷ এয়াৰ এণ্ডিয়াই দিল্লীৰ পৰা ছাংহাই লৈ যোৱা 31 জানুৱাৰী পৰা 18 ফেব্ৰুৱাৰীলৈ, ইণ্ডিগ’ই বেংগালুৰুৰ পৰা হংকঙলৈ 1 ফেব্ৰুৱাৰীৰ পৰা আৰু দিল্লীৰ পৰা চেংডুলৈ 1 ফেব্ৰুৱাৰীৰ পৰা 20 ফেব্ৰুৱাৰীলৈকে বাতিল কৰিছে বিমান সেৱা ৷ উল্লেখ্য যে, ভাৰতৰ প্ৰায় 23 হাজাৰ ছাত্ৰ-ছাত্ৰী অধ্যয়নৰত আছে চীনত ৷

ইপিনে এই ভাইৰাছৰ সংক্ৰমণৰ পৰা জনসাধাৰণক ৰক্ষা কৰিবলৈ লুনাৰ নিউ ইয়াৰ (Lunar New Year)ৰ বন্ধৰ দিন পুনৰ বৃদ্ধি কৰিছে চীন চৰকাৰে ৷ ইতিমধ্যে চীনৰ ওহান চহৰৰ পৰা অন্য দেশৰ নাগৰিক সকলক নিৰাপদ স্থানলৈ নিয়াৰ বাবে যো-জা চলাই থকা হৈছে ৷ ইয়াৰ ভিতৰত আছে ফ্ৰান্স, জাপান, ভাৰত লগতে আমেৰিকাৰ নাগৰিক ৷ ইপিনে নাগৰিক সকলক বাহিৰ কৰিবলৈ যথোপযুক্ত সকলো সুবিধা প্ৰদান কৰিছে শ্ৰীলংকা আৰু ম্যানমাৰ চৰকাৰে ৷

হুৱেই প্ৰদেশ স্বাস্থ্য আয়োগে মঙলবাৰে কৰ’ণা ভাইৰাইছত 24 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে 1291 গৰাকী লোক সংক্ৰমিত হোৱাৰ কথা প্ৰকাশ কৰিছিল ৷

লগতে চাওক- অষ্ট্ৰেলিয়ান অ’পেনঃ আজি ছেমিফাইনেলত ফেডেৰৰ বনাম জ’ক’ভিজ

Intro:Body:

KARONA VIRUS CHINA LATEST UPDATE

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.