ETV Bharat / international

কাবুলত ৰাষ্ট্ৰপতি ঘানীৰ শপত গ্ৰহণৰ সময়ত বোমা বিস্ফোৰণ - দুটাকৈ বোমা বিস্ফোৰণ আৰু গুলীয়াগুলিৰ ঘটনা

ৰাষ্ট্ৰপতি ঘানীৰ শপত গ্ৰহণ অনুষ্ঠানৰ সময়তে সংঘটিত হ'ল বোমা বিস্ফোৰণৰ ঘটনা ৷ দুটাকৈ বোমা বিস্ফোৰণ আৰু গুলীয়াগুলীৰ ঘটনাই কঁপাই গ'ল কাবুল ৷

ঘানীৰ শপত গ্ৰহণৰ সময়ত বোমা বিস্ফোৰণ
আফগান ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানী
author img

By

Published : Mar 9, 2020, 10:58 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 9 মাৰ্চ : সোমবাৰে ৰাষ্ট্ৰপতি ভৱনত আফগান ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানীৰ শপত গ্ৰহণ অনুষ্ঠানৰ সময়তে সংঘটিত হয় দুটাকৈ বোমা বিস্ফোৰণ আৰু গুলীয়াগুলিৰ ঘটনা ৷ ৰাষ্ট্ৰপতি ঘানীয়ে উপস্থিত দৰ্শকক উদ্দেশ্যি বক্তৃতা প্ৰদান কৰি থকাৰ সময়তে এই ঘটনা সংঘটিত হয় ৷ বিস্ফোৰণৰ শব্দ শুনাৰ পাচতো ঘানীয়ে মঞ্চ ত্যাগ নকৰিলে ৷

উল্লেখ্য যে, সোমবাৰে ৰাষ্ট্ৰপতি ঘানীয়ে দ্বিতীয়বাৰৰ বাবে আফগানিস্তানৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে ৷ ইয়াৰোপৰি, তেওঁৰ মুখ্য কাৰ্যনিৰ্বাহক আব্দুল্লা আব্দুল্লাইও ৰাষ্ট্ৰপতীয় নিৰ্বাচনত জয়লাভ কৰা বুলি দাবী কৰাৰ লগতে নিজাববীয়াকৈ শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰে ৷

দুটাকৈ বোমা বিস্ফোৰণ আৰু গুলীয়াগুলীৰ ঘটনা
আফগান ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানী

ইতিমধ্যই এই বোমা বিস্ফোৰণৰ ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে ইছলামিক সংগঠনে ৷

2019 চনৰ ছেপ্তেম্বৰতে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছিল এই বছৰৰ ফেব্ৰুৱাৰীত ৷ নিৰ্বাচনত বাধা জন্মাবৰ বাবে বহুকেইটা তালিবানী আক্ৰমণ সংঘটিত কৰাৰ পৰিপেক্ষিতত প্ৰায় পাঁচ মাহৰ অন্তত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয় ৷

ডিচেম্বৰতে প্ৰাৰম্ভিক পৰ্যায়ৰ নিৰ্বাচনী ফলাফল ঘোষণা কৰি ঘানীক জয়ী কৰোৱা হৈছিল আৰু আব্দুল্লা আব্দুল্লাই লাভ কৰিছিল 1.8 মিলিয়ন ভোটাৰৰ 39 শতাংশ ভোট ৷

ৰাষ্ট্ৰপতি ঘানীৰ শপত গ্ৰহণৰ সময়ত বোমা বিস্ফোৰণ

কিন্তু বিৰোধী দলে ইয়াৰ বিৰোধিতা কৰাৰ লগতে তালিবানৰ সৈতে আমেৰিকা শান্তি চুক্তিত ৰাজনৈতিক সংকট সৃষ্টি কৰাৰ ভীতি প্ৰদৰ্শন কৰে৷ ইয়াৰ পাচতে Independent Election Commission (IEC) য়ে ফেব্ৰুৱাৰীত ঘানীক জয়ী ঘোষণা কৰে ৷

আৰু পঢ়ক : জম্মু-কাশ্মীৰৰ ৰাজনৈতিক নেতাৰ মুক্তিৰ দাবী বিৰোধী দলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.