ETV Bharat / international

2001ৰ ঢাকা বোমা বিস্ফোৰণৰ 10 অভিযুক্তক মৃত্যুদণ্ড

author img

By

Published : Jan 20, 2020, 6:34 PM IST

2001 চনৰ ঢাকা বোমা বিস্ফোৰণৰ লগত জড়িত 10 অভিযুক্তক মৃত্যুদণ্ড ন্যায়ালয়ৰ ৷ নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠন হৰকত-উল-জেহাদ অল-ইছলামীৰ 10 গৰাকী সদস্য এই ঘটনাৰ লগত জড়িত ৷

B'desh sentences 10 to death over 2001 rally blast
2001ৰ ঢাকা বোমা বিস্ফোৰণৰ 10 অভিযুক্তক মৃত্যুদণ্ড

ইন্টাৰনেশ্যনেল ডেস্ক, 20 জানুৱাৰীঃ বাংলাদেশৰ এক ন্যায়ালয়ে 2001 চনৰ ৰাজনৈতিক ৰেলী বিস্ফোৰণত জড়িত নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠন হৰকত-উল-জেহাদ অল-ইছলামীৰ 10 গৰাকী সদস্যক মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰে ৷

তৃতীয় অতিৰিক্ত মেট্ৰ’পলিটান সত্ৰ ন্যায়াধীশৰ ঢাকা ন্যায়ালয়ৰ ন্যায়াধীশ এমডি ৰাবুল আলমে এই মৃত্যদণ্ডৰ ৰায়ৰ ঘোষণা কৰে ৷

উল্লেখ্য যে, 2001 চনৰ 20 জানুৱাৰীত ৰাজধানী ঢাকাৰ পল্টন খেলপথাৰত বাংলাদেশ কমিউনিষ্ট দলৰ ৰেলীত হোৱা বিস্ফোৰণত পাঁচগৰাকী লোকৰ মৃত্যু হৈছিল আৰু প্ৰায় 50 গৰাকী লোক আহত হৈছিল ৷ ইয়াৰ পৰিৱৰ্তী পৰ্যায়ত বাংলাদেশ কমিউনিষ্ট দলৰ সেইসময়ৰ অধ্যক্ষ মোনজুৰল এহছান খানে এই ঘটনা সন্দৰ্ভত অচিনাকী দুৰ্বৃত্তৰ বিৰুদ্ধে দোষাৰোপ কৰি গোচৰ ৰুজু কৰিছিল ৷

অনুসন্ধানকাৰী বিষয়া চি.আই.ডি পৰিদৰ্শক মৃণাল কান্তি শ্বাহাই 2013 চনৰ 27 নৱেম্বৰত ঢাকাৰ মুখ্য মেট্ৰ’পলিটান মেজিষ্ট্ৰেট ন্যায়ালয়ত এই ঘটনাৰ দুখন অভিযোগ পত্ৰ দাখিল কৰিছিল ৷ শুনানিৰ সময়ত ন্যায়ালয়ে এই ঘটনা সন্দৰ্ভত গোচৰদাৰীসহ 46 অভিযোজন পক্ষৰ সাক্ষীৰ বক্তব্য ৰুজু কৰিছিল ৷ আনহাতে বিগত 2019 বৰ্ষৰ 1 ডিচেম্বৰত ন্যায়ালয়ে সকলো পক্ষৰ সকলো দলিল পৰ্যবেক্ষণ কৰাৰ পিচত উপস্থাপনৰ তাৰিখ নিৰ্ধাৰণ কৰে ৷

আৰু পঢ়কঃইৰান সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতিক সাৱধানবাণী ইউনেস্ক'ৰ

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.