নিউজ ডেস্ক, 2 অক্টোবৰ: অহা বৃহস্পতিবাৰৰ পৰা চাৰিদিনৰ বাবে ভাৰত ভ্ৰমণলৈ আহিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা ৷ দুয়োখন চুবুৰীয়া দেশৰ মাজত দ্বি-পাক্ষিক সম্পৰ্ক ঘনিষ্ঠ কৰাৰ উদ্দেশ্যৰেই এই ভ্ৰমণ শ্বেখ হাছিনাৰ ৷
হাছিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিমন্ত্ৰণক্ৰমে 3 অক্টোবৰৰ পৰা 6 অক্টোবৰলৈ কৰিব এই ভ্ৰমণ ৷
এই ভ্ৰমণকালত বাংলাদেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দক সাক্ষাৎ কৰাৰ লগতে 5 অক্টোবৰত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে দ্বি-পাক্ষিক আলোচনাত মিলিত হ'ব ৷ বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ৰ এক বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি ভাৰত আৰু বাংলাদেশৰ নিৰ্বাচনৰ পাচত এয়াই হৈছে শ্বেখ হাছিনাৰ প্ৰথম ভাৰত ভ্ৰমণ ৷ বিজ্ঞপ্তিটোত প্ৰকাশ কৰা মতে দুয়োখন দেশৰ মাজত ভালেমান চুক্তি বিনিময় হোৱাৰ উপৰিও দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' লিংকৰ জৰিয়তে তিনিটাকৈ যুগ্ম দ্বি-পাক্ষিক প্ৰকল্প মুকলি কৰিব ৷

অক্টোবৰৰ 3 আৰু 5 তাৰিখে শ্বেখ হাছিনাই ৱৰ্ল্ড ইক'নমিক ফৰামে আয়োজন কৰা ইণ্ডিয়া ইক'নমিক ছামিটত মূখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰিব ৷
যোৱা 28 ছেপ্টেম্বৰ তাৰিখে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে নিউয়ৰ্কত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 73 তম অধিবেশনত সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ নীতিৰ কথা দোহাৰে আৰু নিৰাপত্তাৰ ক্ষেত্ৰত কৰা শক্তিশালী মৈত্ৰীয়ে দুয়োখন দেশৰ মাজত বিশ্বাস আৰু বুজা-পৰাৰ পৰিবেশৰ সৃষ্টি কৰা বুলিও কয় ৷
বাংলাদেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ সমাগত ভ্ৰমণ কাৰ্যসূচীত দুয়োখন দেশে ৰোহিঙগীয়া আৰু তিস্তা নদীৰ পানী বিতৰণ সম্পৰ্কেও আলোচনা কৰাৰ সম্ভাৱনা আছে ৷
ঢাকা ট্ৰিবিউন কাকতত প্ৰকাশিত বাংলাদেশৰ উচ্চায়ুক্ত ছৈয়দ মুৱাজ্জেম আলিৰ বক্তব্য অনুসৰি, দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীৰ মাজত অক্টোবৰৰ 5 তাৰিখে হ'বলগীয়া সংযোগ,সংস্কৃতি,প্ৰযুক্তি সহাৱস্থান, বাণিজ্য-বিনিয়োগৰ সন্দৰ্ভত ভালেমান বুজা-পৰাৰ চুক্তি স্বাক্ষৰিত হ'ব ৷