ETV Bharat / international

আফগানিস্তানত অষ্ট্ৰেলিয়াৰ 20 বছৰীয়া উপস্থিতিৰ অৱসান

আফগানিস্তানৰ পৰা আমেৰিকান সেনা প্ৰত্যাহাৰৰ পাচতে অষ্ট্ৰেলিয়াইও ল'লে অনুৰূপ সিদ্ধান্ত ৷ সুদীৰ্ঘ 20 বছৰীয়া উপস্থিতিৰ অৱসান ঘটাই নিজৰ সমৰ্থক বাহিনী ওভতাই নিয়াৰ সিদ্ধান্ত লৈছে অষ্ট্ৰেলিয়াই ৷ 2013 চনত আফগানিস্তান এৰিছিল অষ্ট্ৰেলিয়াৰ বিমান বাহিনীয়ে ৷

Australia ends its 20 year presence in Afghanistan
আফগানিস্তানত অষ্ট্ৰেলিয়াৰ 20 বছৰীয়া উপস্থিতিৰ অৱসান
author img

By

Published : Jul 12, 2021, 7:41 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 12 জুলাই: যুদ্ধবিধ্বস্ত আফগানিস্তানৰ পৰা আমেৰিকান সেনা প্ৰত্যাহাৰ অভিযানৰ মাজতে এইবাৰ দেশখনৰ পৰা নিজৰ সমৰ্থক বাহিনী ওভতাই নিয়াৰ সিদ্ধান্ত অষ্ট্ৰেলিয়াৰ ৷ দেশখনত সুদীৰ্ঘ 20 বছৰীয়া উপস্থিতিৰ অৱসান ঘটাই নিজৰ সমৰ্থক বাহিনী ওভতাই নিয়াৰ সিদ্ধান্ত লৈছে অষ্ট্ৰেলিয়াই ৷ এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি অষ্ট্ৰেলিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী পিটাৰ ডাটন (Australian Defence Minister Peter Dutton)এ কয় যে, "অষ্ট্ৰেলিয়াৰ অন্তিম সমৰ্থনকাৰী বাহিনীক অষ্ট্ৰেলিয়ালৈ ঘূৰাই অনা হৈছে ৷"

প্ৰাপ্ত তথ্য অনুসৰি, ডাটনে তেওঁলোকৰ সামৰিক অভিযান সংযুক্ত ৰাষ্ট্ৰৰ সৈতে সমন্বয়মূলকভাৱে সমাপ্ত হোৱাৰ বিষয়টোত গুৰুত্ব দিছে ৷ লগতে সংযুক্ত ৰাষ্ট্ৰৰ নেতৃত্বত ভৱিষ্যতে হ'বলগীয়া অন্য ধৰণৰ অভিযানতো অষ্ট্ৰেলিয়াই অংশ ল'ব ৷ শেহতীয়াকৈ দেশখনত মাত্ৰ 80 টা সৈন্যবাহিনী আছিল আৰু এইসকল সৈন্যক কাবুলস্থিত দূতাবাসৰ সুৰক্ষাৰ লগতে কূটনৈতিক অভিযান চলোৱাৰ উদ্দেশ্যে নিয়োগ কৰা হৈছিল ৷

লগতে পঢ়ক: আফগানিস্তানৰ পুনৰ নিৰ্মাণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দায়িত্ব নহয়: জ' বাইডেন

উল্লেখ্য যে, আফগানিস্তানৰ পৰা সংযুক্ত ৰাষ্ট্ৰই 11 চেপ্তেম্বৰৰ ভিতৰত নিজৰ সামৰিক বাহিনী প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ সংযুক্ত ৰাষ্ট্ৰৰ এই সিদ্ধান্তৰ পাচতে চলিত বৰ্ষৰ এপ্ৰিল মাহত অষ্ট্ৰেলিয়াই দেশখনৰ পৰা সেনাবাহিনী প্ৰত্যাহাৰৰ কথা ঘোষণা কৰিছিল ৷ অৱশ্যে এই তাৰিখ পাচলৈ 31 আগষ্টলৈ সলনি কৰা হয় ৷

লগতে পঢ়ক: আফগানিস্তানৰ নিৰাপত্তা পৰিস্থিতিকলৈ শংকিত নহয় পাকিস্তান

জানিব পৰা মতে, অষ্ট্ৰেলিয়াই মুঠ 38 হাজাৰ সৈন্য আফগানিস্তানত নিয়োগ কৰিছিল আৰু এইসকল সৈন্যৰ ভিতৰত 41 গৰাকী নিহত হৈছিল ৷ 2013 চনত অষ্ট্ৰেলিয়াৰ বিমান বাহিনীয়ে আফগানিস্তান ত্যাগ কৰিছিল ৷ ইয়াৰ পূৰ্বেও জাৰ্মানী আৰু চীনকে ধৰি কেইবাখনো দেশে আফগানিস্তানৰ পৰা নিজৰ সৈন্য প্ৰত্যাহাৰ কৰিছিল ৷

লগতে পঢ়ক: সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আফগান বায়ুসেনাৰ এয়াৰ ষ্ট্ৰাইক

দেওবাৰে ভাৰতে কান্দাহাৰৰ পৰা ভাৰতীয় দূতাবাসৰ কেইগৰাকীমান কৰ্মচাৰীক প্ৰত্যাহাৰ কৰে ৷ আফগানিস্তানৰ পৰা শীঘ্ৰেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ সমাপ্ত হ'ব বুলি গম পোৱাৰ পাচতে তালিবানে তৰিৎ গতিত নতুন নতুন জিলা আৰু অঞ্চলসমূহ দখল কৰা আৰম্ভ কৰিছে ৷ আফগান চৰকাৰৰ বহুকেইটা বাহিনীয়েও কেইবাখনো ঠাইৰ পৰা পলায়ন কৰিছে বুলিছে জানিব পৰা গৈছে ৷

লগতে পঢ়ক: US pulloutৰ মাজতে আফগানিস্তানৰ পৰা চীনা নাগৰিকক স্থানান্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.