ইন্টাৰনেশ্বনেল ডেক্স,27 মাৰ্চঃ ইউৰোপীয়ান মহাকাশ সংস্থাই প্ৰকাশ কৰা এক তথ্য অনুসৰি কৰ’ণা ভাইৰাছৰ বাবে বিশ্বৰ কোইবাখনো ৰাষ্ট্ৰই ঘোষণা কৰা তৎকালীন বন্ধৰ বাবে হ্ৰাস পাইছে বায়ু প্ৰদূষণৰ মাত্ৰা ৷
মহাকাশ সংস্থাটোৱে জনায় যে, কৰ’ণা মহামাৰীয়ে স্বাভাৱিক জীৱনপ্ৰণালী ব্যাহত কৰাৰ সময়তেই পৃথিৱী প্ৰদক্ষিণকাৰী উপগ্ৰহই উত্তৰ ইটালীৰ লগতে চীনৰ হুবেই প্ৰদেশত নাইট্ৰ’জেন ডাই-অক্সাইড প্ৰদূকৰ পৰিমাণ হ্ৰাস হোৱা প্ৰত্যক্ষ কৰিছে ৷
1 জানুৱাৰীৰ পৰা 11 মাৰ্চ পৰ্যন্ত, উত্তৰ ইটালীত নাইট্ৰ’জেন ডাই-অক্সাইডৰ মাত্ৰা নিম্নগামী হয় ৷ ইটালীৰ যানজঁটৰ লগতে ঔদ্যোগিক কাৰ্যকলাপসমূহ বন্ধ ৰখাৰ বাবে এই মাত্ৰা হ্ৰাস পোৱা দেখা যায় অবশ্যে এই ক্ষেত্ৰত অন্যান্য কাৰকেও প্ৰভাৱ পেলাইছে বুলি ব্যক্ত কৰে ইউৰোপীয়ান মহাকাশ সংস্থাৰ পৃথিৱী নিৰীক্ষণ প্ৰ’গ্ৰামৰ ডাইৰেক্টৰেট চিমোনেট্টা ছেলিয়ে ৷
তেখেতে কয় যে, ‘ বিগত কিছু মাহত নাইট্ৰ’জেন ডাই-অক্সাইডৰ মাত্ৰা তীব্ৰভাবে হ্ৰাস পাইছে ৷ ই নিশ্চিতভাবেই কৰ’ণা ভাইৰাছৰ বাবে হ’ব পাৰে কিন্তু এইক্ষেত্ৰত অন্যান্য কাৰকেও প্ৰভাৱ পেলাব পাৰে ৷’
ইউৰোপ মহাদেশৰ ভিতৰত ইটালীয়েই হ’ল আটাইতকৈ অধিক কৰ’ণা সংক্ৰমিত দেশ ৷ আৰু ইয়াৰ বাবেই চৰকাৰে দেশখনত তলাবন্ধল ঘোষণা কৰি প্ৰায় 62 মিলিয়ন লোকক ঘৰতে থকাৰ বাবে নিৰ্দেশ দিয়ে ৷
চীনৰ হুবেই প্ৰদেশতো একে ছবি দেখিবলৈ পোৱা গৈছে য’ত কৰ’ণা ভাইৰাছৰ কেন্দ্ৰস্থল য়ুহান চহৰ অৱস্থিত ৷ 2019 বৰ্ষৰ 20 ডিচেম্বৰৰ পৰা 2020 চনৰ 16 মাৰ্চলৈ, হুবেই প্ৰদেশতো আশ্বৰ্যজনক ভাৱে নাইট্ৰ’জেন ডাই-অক্সাইডৰ পৰিমাণ হ্ৰাস পোৱা দেখা গৈছে ৷ ইয়াৰ কাৰণ হ’ল চীনৰ হুবেই প্ৰদেশত তলাবন্ধৰ বাবে হ্ৰাস পোৱা সকলোধৰণৰ কাৰ্যকলাপ যাৰ বাবেই প্ৰদূষণৰ মাত্ৰা হ্ৰাস পাইছে বুলি মন্তব্য কৰে ছেলীয়ে ৷
উল্লেখ্য যে, নাইট্ৰ’জেন ডাই-অক্সাইড প্ৰদূষক হ’ল ডিজেল চালিত যন্ত্ৰসমূহ তথা অন্যান্য কাৰ্যকলাপৰ পৰিণতি ৷ নাইট্ৰ’জেন ডাই-অক্সাইড বায়ুত অতি কম সময় থকা এক প্ৰদূষক ৷ বায়ুমণ্ডলৰ অন্যান্য গেছসমূহৰ সৈতে মিহলি হোৱাৰ পূৰ্বে ই বায়ুমণ্ডলত এদিনতকৈও কম সময়লৈকে বৰ্তি থাকে ৷
অধিকসংখ্যক নিৰ্গমনেই মানুহৰ বিভিন্ন কাৰ্যকালপ যেনে যানজঁট, শক্তি উৎপাদন, আবাসিক উত্তাপ আৰু উদ্যোগসমূহৰ দ্বাৰা উৎপাদিত হয় ৷ 2017 চনৰ অক্টোবৰত প্ৰক্ষেপ কৰা ‘Sentinel-5P’ হ’ল ইউৰোপীয় মহাকাশ সংস্থাৰ আৰ্থ মণিটৰিং কপাৰনিকাচ প্ৰ’গ্ৰামৰ প্ৰথমটো বায়ুমণ্ডল নিৰীক্ষণকাৰী উপগ্ৰহ ৷
এই উপগ্ৰহই ‘ট্ৰোপোমি’ নামৰে এক যন্ত্ৰ কঢ়িয়ায় যিয়ে নাইট্ৰ’জেন ডাইঅক্সাইড, অ’জ’ন, ফৰ্মেলডিহাইড, চালফাৰ ডাই-অক্সাইড, মিথেন, কাৰ্বন মন’ক্সাইড আৰু এইৰোজলছৰ দৰে ট্ৰেছ গেছসমূহক নিৰীক্ষণ কৰে ৷
ছেলিয়ে জনায় যে, তেখেতে ইয়াৰ পূৰ্বে 2008 চনত বেইজিং অলিম্পিকৰ সময়ছোৱাতো একেধৰণৰ উদাহৰণ প্ৰত্যক্ষ কৰিছিল ৷
লগতে পঢ়ক-লকডাউনৰ দ্বিতীয় দিন : দেশৰ ক'ত কি ঘটিল !