ETV Bharat / international

দক্ষিণ আৰু পূৱ চীন সাগৰত চীনৰ অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি

কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে সমগ্ৰ বিশ্বই যুঁজ দি অহাৰ সময়তে চীনে সীমান্তত আৰম্ভ অশান্তিকৰ পৰিস্থিতি ৷ কৰ'ণা ভাইৰাছ সম্পৰ্কত আন্তৰাষ্ট্ৰীয় ধ্যান ভংগ কৰিবৰ বাবেই এই কাৰ্যকলাপ কৰা বুলি বিভিন্ন দেশৰ দাবী ৷

author img

By

Published : Apr 24, 2020, 8:52 PM IST

কৰ'ণা ভাইৰাছ
দক্ষিণ আৰু পূৱ চীন সাগৰত চীনৰ অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি

ইন্টাৰনেশ্যনেল ডেস্ক, 24 এপ্ৰিল : COVID-19 মহামাৰী প্ৰতিৰোধৰ বাবে সমগ্ৰ বিশ্বই যুঁজ দি থকাৰ সময়তে দক্ষিণ আৰু পূৱ চীন সাগৰত অশান্তিকৰ কাৰ্যকলাপ বৃদ্ধি কৰিছে চীনে ৷ ইয়াৰ জৰিয়তে 2,00,000 লাখকৈ লোকৰ মৃত্যু হোৱা মহামাৰীৰ উৎপত্তি চীনৰ পৰা হোৱা বুলি সকলোৱে কৰি অহা অভিযোগৰ পৰা ধ্যান আঁতৰাব বিচাৰিছে দেশখনে ৷ ASEAN ৰ নেতাসকলৰ সৈতে হোৱা এক ভিডিঅ' কনফাৰেন্সিঙত US Secretary of State মাইক পোম্পিঅ'ই কয় যে,দক্ষিণ চীনৰ সাগৰীয় এলেকাত চীনে দুষ্ট কাৰ্যকলাপ বৃদ্ধি কৰি মহামাৰীৰ সৈতে যুঁজ দি থকা দেশসমূহৰ ধ্যান ভংগ কৰিব বিচাৰিছে ৷

এক বৈজ্ঞানিক তথ্য সন্দৰ্ভতো চিন্তা ব্যক্ত কৰি পোম্পিঅই কয় যে,বেইজিঙৰ এক বান্ধে মেকং নৈৰ প্ৰবাহৰ গতি সলনি কৰি দিছে ৷ ইয়াৰ ফলত থাইলেণ্ড, লাওছ,ভিয়েটনাম আৰু কম্বোডিয়াই পানীৰ অভাৱত ভুগিছে ৷

এক সূত্ৰ অনুসৰি, জাপানৰ বৈদেশিক মন্ত্ৰী টশিমিটছো মোটেগিয়ে প্ৰতিবাদ সাব্যস্ত কৰি কয় যে,পূৱ চীন সাগৰৰ চেনকাকু দ্বীপৰ ওচৰত জাপানৰ এলেকাত চীনে নিজৰ জাহাজাৰ প্ৰৱেশ কৰোৱাইছে ৷ এই বৰ্ষতে সাতবাৰকৈ এনেধৰণৰ ঘটনা সংঘটিত হৈছে ৷

জাপানৰ উপৰি ফিলিপাইনছে চীনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ চীনে আন্তৰাষ্ট্ৰীয় আইন আৰু ফিলিপাইনছৰ সাৰ্বভৌমত্ব খণ্ড কৰাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপিত কৰিছে ফিলিপাইনছে ৷ উল্লেখ্য যে,চীনৰ য়ুহানৰ এক গৱেষণাগাৰৰ পৰা কৰ'ণা ভাইৰাছৰ উৎপত্তি হোৱা বুলি সকলোৱে দাবী কৰি আহিছে ৷ এনে সময়ছোৱাত বিশ্বজোৰা ধংসযজ্ঞ সৃষ্টি কৰি ইয়াৰ পৰা সকলোৰে ধ্যান ভংগ কৰিবৰ বাবে চীনে সীমান্ত অঞ্চলত অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ প্ৰচেষ্টা চলাইছে বুলি হংকঙৰ পৰা প্ৰকাশ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.