ETV Bharat / international

আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্বৰফ ঘানীৰ দেশ ত্যাগ - ৰাষ্ট্ৰপতি আশ্বৰফ ঘানীৰ দেশ ত্যাগ

আফগানিস্তান ত্যাগ কৰিলে ৰাষ্ট্ৰপতি আশ্বৰফ ঘানীয়ে ৷ তালিবানৰ হাতলৈ দেশৰ ক্ষমতা যোৱাৰ পাচতে পদত্যাগ কৰিছে ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ সহায়কৰ সৈতে দেশ ত্যাগ কৰিছে ৰাষ্ট্ৰপতি ঘানীয়ে ৷ দেশৰ কঠিন পৰিস্থিতিত দেশ ত্যাগ কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন আশ্বৰফ ঘানী ৷

Afghanistan President Ashraf Ghani flees country

author img

By

Published : Aug 16, 2021, 9:19 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 16 আগষ্ট : ক্ষমতাৰ বাবে দীৰ্ঘদিন ধৰি চলি থকা সংঘৰ্ষৰ অৱসানৰ ঘটাই অৱশেষত তালিবানে দখল কৰিলে আফগানিস্তানৰ শাসনৰ বাঘজৰী ৷ ইফালে তালিবানে আফগানিস্তানৰ ক্ষমতা দখল কৰাৰ লগে লগে দেশৰ ত্যাগ কৰিছে আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্বৰফ ঘানীয়ে ৷ প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে কাবুলৰ দিশে তালিবান আগবাঢ়ি অহাৰ লগে লগে ঘানীয়ে দেশৰ পৰা পলায়ন কৰে ৷ ইয়াৰ লগে লগে দেশৰ নাগৰিক সকলৰ লগতে বিদেশীসকলেও দেশখনৰ পৰা প্ৰস্থানৰ বাবে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : ঘানীৰ আত্মসমৰ্পণ: তালিবানৰ হাতত আফগানিস্তানৰ বাঘজৰী

নাম প্ৰকাশ নকৰাৰ চৰ্তত দুগৰাকী বিষয়াই ঘানীয়ে দেশ ত্যাগ কৰাৰ কথা সংবাদমাধ্যমক জানিবলৈ দিছিল ৷ পাচত Afghan National Reconciliation Councilৰ মুৰব্বী আব্দুল্লাহ আব্দুল্লাই ঘানীৰ দেশ ত্যাগৰ খবৰটো নিশ্চিত কৰে ৷ ঘানীৰ এই পদক্ষেপত অসন্তুষ্টি ব্যক্ত কৰি আব্দুল্লাই কয় যে, "এক কঠিন সময়ত তেওঁ দেশ ত্যাগ কৰিছে ৷ ঈশ্বৰে তেওঁক জবাবদিহি কৰিব" ৷

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি সহায়কসকলৰ সৈতে ৰাষ্ট্ৰপতিয়ে আফগানিস্তান ত্যাগ কৰিছে ৷

লগতে পঢ়ক : সাংবাদিকক পণবন্দী কৰি ৰাখিছে তালিবানে

উল্লেখ্য যে, মাত্ৰ কেইসপ্তাহমানৰ ভিতৰতে আফগানিস্তানৰ বেছিভাগ অংশৰ ওপৰত দখল সাব্যস্ত কৰা তালিবানে দেওবাৰে ৰাজধানী চহৰ কাবুল ঘেৰি ধৰে ৷ তালিবান গোটৰ এজন মুখপাত্ৰই কৈছিল যে তেওঁলোকৰ ৰাজধানী আক্ৰমণৰ ইচ্ছা নাই ৷ অৱশ্যে ইয়াৰ পৰিৱৰ্তে তালিবানে চৰকাৰৰ চৰ্তহীন আত্মসমৰ্পনৰ দাবী উত্থাপন কৰিছিল ৷

তালিবানৰ আক্ৰমণৰ পাচতে পদত্যাগৰ বাবে প্ৰচণ্ড চাপত থকা ঘানীয়ে এক পৰিৱৰ্তনশীন চৰকাৰক ক্ষমতা হস্তান্তৰ কৰিব বুলি আশা কৰা হৈছিল ৷ পূৰ্বে ৰেকৰ্ড কৰি ৰখা এক ৰাজহুৱা ভাষণত শনিবাৰে ৰাষ্ট্ৰপতি ঘানীয়ে হিংসা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে যৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰিছিল ৷

লগতে পঢ়ক : তালিবানৰ বিৰুদ্ধে পুনৰ আফগান বায়ু সেনাৰ এয়াৰষ্ট্ৰাইক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.