নিউজ ডেস্ক,22অক্টোবৰঃ আফগানিস্তাৰ উত্তৰ তখাৰ প্ৰান্তৰ এটা মছজিদ বিমানেৰে আক্ৰমণ কৰাৰ ফলত 12 টাকৈ শিশুৰ মৃত্যু হোবাৰ লগতে অন্য কেইবা জনো শিশু আহত হোৱাৰ তথ্য প্ৰকাশ কৰে শুকুৰবাৰে বিভাগীয় কৰ্তৃপক্ষই ৷
ইপিনে 21 অক্টোবৰত প্ৰান্তীয় এলেকাৰ মহম্মদ আজম অফজলীয়ে বহাৰাক জিলাত আক্ৰমণ কৰিছিল ৷ তালিবানীৰ আক্ৰমণৰ ফলত 40 গৰাকীতকৈ অধিক আফগানৰ সুৰক্ষা বাহিনীৰ জোৱান শ্বহীদ হৈছিল ৷
সমগ্ৰ ঘটনাৰ সৰ্ন্দভত জানিব পাৰি সুৰক্ষা বাহিনী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বে সন্ত্ৰাসবাদী কেইটাই ঘটনাস্থলী এৰি পলায়ন কৰে বুলি সুত্ৰই প্ৰকাশ কৰে ৷ উল্লেখযোগ্য যে, আফগানিস্তানত তালিবানী আৰু চৰকাৰ মাজত শান্তি আলোচনা চলি থকাৰ মাজতে তালিবানিয়ে আক্ৰমণ কৰে বুলি গান্ধাৰ আৰ.এফ.য়ে সদৰি কৰে ৷
আনহাতে এতিয়ালৈকে বিদ্ৰোহী সকলে যুদ্ধ বিৰতি কৰিবলৈ অমান্তি প্ৰকাশ কৰিছে ৷ বিশেজ্ঞ সকলে আশা প্ৰকাশ কৰিছে যে, আৰু অধিক আলোচনাৰ পিচতেই যুদ্ধ বিৰতিৰ বিষয়টোত সন্ত্ৰাসবাদীয়ে সহমত প্ৰকাশ কৰিব বুলি আশাবাদী ৷
ইপিনে তাৰ মাজতে আফগানিস্তানত সংঘৰ্ষ অব্যাহত আছে ৷ এসপ্তাহতকৈ অধিক সময় দক্ষিণ আফগানিস্তানত যুদ্ধ চলি আছে ৷ যাৰ ফলত 100 তকৈ অধিক আফগান নাগৰিকৰ মৃত্যু হোৱাৰ লগতে 10 হাজাৰ লোকক নিজৰ নিজৰ গাঁৱৰ পৰা বাহিৰ কৰা হৈছে ৷
লগতে পঢ়কঃ সীমা বিবাদ : মিজোৰামৰ বিজেপি ৰাজ্যিক সভাপতিৰ বিতৰ্কিত মন্তব্য