ETV Bharat / international

আফগান চৰকাৰে মুক্তি দিলে 100 তালিবান বন্দীক

আফগান চৰকাৰে মুক্তি দিলে 100 তালিবান বন্দীক ৷ পৰৱান অঞ্চলৰ পৰা মুক্তি দিয়া হয় বন্দীসকলক ৷ ৰাষ্ট্ৰীয় সুৰক্ষা কাউন্সিলৰ কাৰ্যালয়ৰ এজন মুখপাত্ৰই প্ৰদান কৰে তথ্য ৷

author img

By

Published : May 26, 2020, 4:27 PM IST

পৰৱান অঞ্চলৰ পৰা মুক্তি দিয়া হয় বন্দীসকলক
আফগান চৰকাৰে মুক্তি দিলে 100 তালিবান বন্দীক

ইন্টাৰনেশ্যনেল ডেস্ক, 26 মে': আফগানিস্তানৰ ৰাষ্ট্ৰীয় সুৰক্ষা কাউন্সিলৰ কাৰ্যালয়ৰ এজন মুখপাত্ৰই জানিবলৈ দিয়া অনুসৰি, সদ্ভাৱনাৰ অংশ হিচাপে চৰকাৰে মুকলি কৰি দিছে 100 তালিবানী বন্দীক ৷ সোমবাৰে টুইটাৰৰ জৰিয়তে মুখপাত্ৰ জাবিদ ফেইজলে কয়, "শান্তি চুক্তিৰ অংশ হিচাপে সোমবাৰে চৰকাৰে 100 তালিবান বন্দীক পৰৱান অঞ্চলৰ পৰা মুকলি কৰি দিছে ৷"

ঈদ-অল-ফিতৰৰ সময়ছোৱাত তালিবান সন্ত্ৰাসবাদীয়ে তিনিদিনীয়া যুদ্ধবিৰতি উলংঘা কৰাৰ কথা ঘোষণা কৰাৰ পাচতে বন্দীসকলক মুকলি কৰি দিয়া হয় ৷

11 মাৰ্চত আফগান ৰাষ্ট্ৰপতি মহম্মদ আশ্ৰফ ঘনীয়ে 5,000 তালিবানী বন্দীক মুকলি কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল আৰু তালিবানেও 1,000 প্ৰতিৰক্ষা জোৱানক মুকলি কৰি দিব বুলি জনাইছিল ৷ কিন্তু, এই ক্ষেত্ৰত বহু বাধাৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ল ৷

10 মে' পৰ্যন্ত দুয়োপক্ষৰ 1,000 তালিবানী আৰু 200 আফগান জোৱান মুকলি কৰি দিয়া হৈছিল ৷ কিন্তু, সংঘাতৰ সৃষ্টি হোৱাৰ বাবে হঠাৎ এই ক্ষেত্ৰত বাধা আহি পৰিছিল ৷

উল্লেখ্য যে, ফেব্ৰুৱাৰী মাহত কাটাৰত আমেৰিকা আৰু তালিবানৰ মাজত হোৱা শান্তি চুক্তিৰ অংশ হিচাপে দুয়োপক্ষৰ বন্দী মুকলি কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল ৷ এই প্ৰক্ৰিয়াৰ অংশ হিচাপে দেওবাৰে ৰাষ্ট্ৰপতি ঘনীয়ে 2,000 তালিবানী বন্দীক মুকলি কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.