ETV Bharat / international

আফগানী কামাণ্ডো বলৰ অভিযানত উদ্ধাৰ আৰক্ষী বিষয়াসহ ১৩ নাগৰিক

author img

By

Published : Jan 14, 2021, 6:15 PM IST

Updated : Jan 14, 2021, 10:45 PM IST

তালিবানী কাৰাগাৰত বন্দী হৈ থকা ১৩ গৰাকী নাগৰিকক উদ্ধাৰ কৰে আফগানী কামাণ্ডো বলে । এগৰাকী আৰক্ষী বিষয়াকো মুকলি কৰি দিয়া হৈছে । আফগানিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰে ।

আফগানী কামাণ্ডো বলে মুকলি কৰি দিলে আৰক্ষী বিষয়াসহ ১৩ গৰাকী নাগৰিকক

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৪ জানুৱাৰী: অৱশেষত মুক্ত আকাশৰ তললৈ আহিল আফগানিস্তানৰ দক্ষিণ অঞ্চলৰ এটা তালিবানী কাৰাগাৰত বন্দী হৈ থকা এগৰাকী আৰক্ষী বিষয়া আৰু ১৩ গৰাকী নাগৰিক । বৃহস্পতিবাৰে আফগানিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে টুইটযোগে প্ৰকাশ কৰা মতে, বুধবাৰে নিশা আফগানী কামাণ্ডো বলে অভিযান চলাই এটা তালিবানী কাৰাগাৰৰ পৰা ১৩ গৰাকী নাগৰিকক উদ্ধাৰ কৰে । লগতে এগৰাকী আৰক্ষী বিষয়াকো কাৰগাৰৰ পৰা মক্ত কৰা হয় । অভিযানত তালিবানীয়ে ব্যৱহাৰ কৰা বহুকেইখন বাহন জব্দ কৰে ।

মন্ত্ৰালয়ে টুইটত উল্লেখ কৰিছে যে, আফগানী ৰাষ্ট্ৰীয় সেনাৰ গুলীত ৭টা তালিবানী সন্ত্ৰাসবাদী ধৰাশায়ী হয় । এই সন্ত্ৰাসবাদীকেইটাই ফাৰয়াবৰ উত্তৰ প্ৰান্তত বাহনেৰে বোমা বিস্ফোৰণ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল । ইতিমধ্যে কইছাৰ জিলাত এই বোমা নিষ্ক্ৰিয় কৰা হৈছে । বিস্ফোৰক সামগ্ৰীভৰ্তি ৭ খন বাহনত ৭টা সন্ত্ৰাসবাদী আছিল । আফগানী সেনাৰ আক্ৰমণত আটাইকেইটা নিহত হয় । মন্ত্ৰালয়ে কোৱা মতে, তালিবানী সন্ত্ৰাসবাদীয়ে সাধাৰণ নাগৰিকক লক্ষ্য কৰি লৈছিল ।

বিগত বৰ্ষৰ ১২ ছেপ্টেম্বৰৰ পৰা দোহাৰ ৰাজধানী কাটাৰীত নাগৰিক আৰু নিৰাপত্তা বিষয়াৰ সুৰক্ষাৰ দাবীত আৰম্ভ হোৱা আন্তঃ আফগানী শান্তি আলোচনা অব্যাহত থকাৰ পিছতো দেশখনত দীৰ্ঘদিন ধৰি হিংসাত্মক পৰিস্থিতি বিৰাজ কৰি আছে ।

লগতে পঢ়ক:২০ জানুৱাৰীৰ অনুষ্ঠানৰ সুৰক্ষা পৰিকল্পনাৰ বিষয়ে বাইডেনক জনালে FBIয়ে

Last Updated : Jan 14, 2021, 10:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.