ETV Bharat / international

পঞ্জশিৰত ৰেজিষ্টেন্স ফ’ৰ্চৰ আক্ৰমণত নিহত 600 তালিবানী - তালিবানী যোদ্ধা

আফগানিস্তানৰ পঞ্জশিৰ প্ৰদেশত অব্যাহত আছে তালিবানী যোদ্ধা আৰু প্ৰতিৰোধী শক্তিসমূহৰ মাজত যুঁজ ৷ এই যুঁজত বৰ্তমানলৈকে প্ৰায় 600 তালিবানী সদস্যই প্ৰাণ হেৰুওৱাৰ কথা সদৰী কৰিছে প্ৰতিৰোধী শক্তিৰ মুখপাত্ৰই ৷

About 600 Taliban killed in Afghanistan's Panjshir, claim resistance forces
পঞ্জশিৰ প্ৰতিৰক্ষা বাহিনীৰ আক্ৰমণত নিহত প্ৰায় 600 তালিবানী
author img

By

Published : Sep 5, 2021, 9:41 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 5 ছেপ্তেম্বৰ : আফগানিস্তানৰ উত্তৰ অঞ্চলৰ পঞ্জশিৰত প্ৰায় 600 তালিবানী সদস্যক হত্যা কৰা হৈছে ৷ শনিবাৰে আফগান ৰেজিষ্টেন্স ফ’ৰ্চে (resistance forces) স্পুটনিকৰ আগত সদৰী কৰে এই কথা ৷

"শনিবাৰে পুৱাৰ পৰা পঞ্জশিৰৰ বিভিন্ন জিলাত প্ৰায় 600 জন তালিবানী সদস্যক হত্যা কৰা হৈছে ৷ বৰ্তমানলৈকে 1000 তকৈ অধিক তালিবানী সদস্যই আত্মসমৰ্পণ কৰিছে" ৷ ৰেজিষ্টেন্স ফ’ৰ্চৰ মুখপাত্ৰ ফহিম দস্তিয়ে টুইটযোগে সদৰী কৰে এই কথা ৷

মুখপাত্ৰগৰাকীয়ে লগতে কয়, আফগানিস্তানৰ বিভিন্ন প্ৰদেশৰ পৰা সামগ্ৰী সৰবৰাহৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে তালিবান ৷ সমান্তৰালকৈ অঞ্চলটোত ঠায়ে ঠায়ে লেণ্ডমাইন স্থাপন কৰাৰ বাবে ৰেজিষ্টেন্স ফ’ৰ্চৰ ওপৰত তালিবানৰ আক্ৰমণ কিছু হ্ৰাস পাইছে ৷

আনহাতে, আল জাজিৰাৰ বাতৰি অনুসৰি তালিবানৰ এটা সূত্ৰই কৈছিল পঞ্জশিৰত যুঁজ অব্যাহত আছে যদিও ৰাজধানী বাজাৰক আৰু ৰাজ্যপালৰ প্ৰাদেশিক চৌহদত ৰখা লেণ্ডমাইনৰ বাবে অগ্ৰগতি কিছু হ্ৰাস পাইছে ৷

পঞ্জশিৰ হৈছে নেচনেল ৰেজিষ্টেন্স ফ্ৰণ্টৰ (National Resistance Front) দুৰ্গ, যাৰ নেতৃত্ব দিছে প্ৰয়াত প্ৰাক্তন আফগান গৰিলা কমাণ্ডাৰ আহমেদ শ্বাহ মাছুদৰ পুত্ৰ আহমেদ মাছুদে ৷ লগতে আছে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি আমৰুল্লাহ চালেহ, যি নিজকে তত্ত্বাৱধায়ক ৰাষ্ট্ৰপতি ঘোষণা কৰিছে । চালেহে আগতে এটা ভিডিঅ' বাৰ্তাত কৈছিল, "পৰিস্থিতি কঠিন, আমি আক্ৰমণৰ সন্মুখীন হৈছো ৷ প্ৰতিৰোধ অব্যাহত আছে আৰু অব্যাহত থাকিব" ৷

লগতে পঢ়ক : পঞ্জশিৰ দিশে তালিবানৰ অগ্ৰগতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.