ETV Bharat / international

চীনত ঘূৰ্ণীবতাহ টৰ্ণেড'ৰ তাণ্ডৱত নিহত ৭, আহত দুই শতাধিক

চীনৰ হুৱেই প্ৰদেশৰ ৰাজধানী ৱুহান আৰু চুঝৌ চহৰত দুটাকৈ শক্তিশালী ঘূৰ্ণীবতাহ(টৰ্ণেড')ৰ ফলত অতি কমেও ৭ জন লোক নিহত হোৱাৰ লগতে ২৩৯ জন লোক আহত হয় ।

tornado hits Chinese cities
চীনত ঘূৰ্ণীবতাহ টৰ্ণেড'ৰ তাণ্ডৱত নিহত ৭, আহত দুই শতাধিক
author img

By

Published : May 15, 2021, 2:09 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,১৫ মে': চীনৰ হুৱেই প্ৰদেশৰ ৰাজধানী ৱুহান আৰু চুঝৌ চহৰত দুটাকৈ শক্তিশালী ডাৱৰৰ ঘূৰ্ণীবতাহ(টৰ্ণেড')ৰ ফলত অতি কমেও ৭ জন লোক নিহত হোৱাৰ লগতে ২৩৯ জন লোক আহত হয় । আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম অনুসৰি, শুকুৰবাৰে নিশা ৮.৩৯ বজাত ৱুহানৰ কাইদিয়ান জিলাৰ মাজেৰে ঘণ্টাত ২৩.৯ মিটাৰ বেগেৰে আহিছিল এই ডাৱৰৰ ঘূৰ্ণীবতাহ । ইয়াৰোপৰি, চহৰখনত বিস্তৰ ক্ষতিসাধন হয় ।

জানিব পৰা অনুসৰি, ২৭ টাকৈ গৃহ ভাঙি চূৰ্ণ-বিচূৰ্ণ হৈ যায় । এক প্ৰকাৰ এই ঘূৰ্ণীবতাহে ধ্বংসলীলা সৃষ্টি কৰে । লগতে ৮,০০০ বৰ্গ মিটাৰ নিৰ্মাণৰ দুটা টাৱাৰ ক্ৰেইন বিধ্বস্ত হয় । আন এক ঘূৰ্ণীবতাহে জিয়াংচু প্ৰদেশৰ চুঝৌ চহৰৰ শ্বেঞ্জে চহৰত তাণ্ডৱলীলাৰ সৃষ্টি কৰে । ফলত এজন লোক নিহত হোৱাৰ লগতে ২১ জন লোক আহত হয় ।

শুকুৰবাৰে নিশা অহা এইজাক ঘূৰ্ণীবতাহৰ ফলত ঘৰ-দুৱাৰ, গছ-গছনি, কাৰখানা, অট্টালিকা আদি ভাঙি বিস্তৰ ক্ষতি সাধন হোৱাৰ লগতে বিদ্যুৎ সংযোগ ব্যহত হৈ পৰে । সম্প্ৰতি অঞ্চলটোৰ সকলো লোক শংকিত হৈ পৰিছে ।

লগতে পঢ়ক: কাবুলৰ বিদ্যালয়ত বিস্ফোৰণ: মৃতকৰ সংখ্যা 53 লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.