ইণ্টাৰনেশ্যনেল ডেস্ক,29 অক্টোবৰ : ভিয়েটনামৰ কাংগ নাম অঞ্চলত বুধবাৰে নিশা 11 বজাত সংঘটিত হোৱা দুটা ভূমিস্খলনৰ ফলত প্ৰায় 7 গৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷
এক প্ৰতিবেদনত উল্লেখিত অনুসৰি,এই ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ পাচত এতিয়াও মুঠ 46 গৰাকী লোক সন্ধানহীন অৱস্থাত আছে ৷ মুষলধাৰ বৰষুণৰ বাবে নাম ট্ৰা মাই জিলাত দুয়োটা ভূমিস্খলন সংঘটিত হয় ৷
আনহাতে ভিয়েটনামৰ প্ৰধানমন্ত্ৰী Nguyen Xuan Phucয়ে দেশখনৰ National Committee for Disaster Response, Search and Rescueক ভূমিস্খলনত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক সহায়ৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে ৷
লগতে পঢ়ক : কাৰাবাখ সীমান্ত ৰক্ষাৰ বাবে আৰ্মেনিয়াৰ প্ৰধানমন্ত্ৰী পত্নীয়েল ল'লে সামৰিক প্ৰশিক্ষণ