ETV Bharat / international

পাকিস্তানত থকা ২২১ গৰাকী ভাৰতীয়ক স্বদেশলৈ প্ৰত্যাৱৰ্তন

পাকিস্তানত থকা ভাৰতীয় উচ্চায়ুক্তই ভাৰতলৈ উভতাই পঠাবলগীয়া লোকৰ এখন তালিকা প্ৰকাশ কৰিছে। এই তালিকাত আছে অনিচ্ছা স্বত্বেও পাকিস্তানত থাকিবলগীয়া হোৱা ৬০ জন লোক, ১৩৫ জন NORI ভিছাৰ গৰাকী, ১১জন NORI ভিছাৰ গৰাকীৰ পত্নী অথবা স্বামী, জেনেৰেল ভিছাৰ গৰাকী আৰু NORI ভিছাৰ গৰাকীৰ সৈতে পাকিস্তানলৈ যোৱা ১৫ জন ভাৰতীয়ৰ নাম।

author img

By

Published : Nov 17, 2020, 4:01 PM IST

পাকিস্তানত থকা ২২১ গৰাকী ভাৰতীয়ক স্বদেশলৈ প্ৰত্যাৱৰ্তন
পাকিস্তানত থকা ২২১ গৰাকী ভাৰতীয়ক স্বদেশলৈ প্ৰত্যাৱৰ্তন

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৭ নৱেম্বৰ: মঙলবাৰে পাকিস্তানত থকা ভাৰতীয় উচ্চায়ুক্তই ঘোষণা কৰিছে যে, পাকিস্তানত থকা ২২১ জন ভাৰতীয় স্বদেশলৈ উভতি অহাৰ সুবিধা প্ৰদান কৰিব। টুইটযোগে এই কথা সদৰি কৰে ভাৰতীয় উচ্চায়ুক্তই। ভাৰতলৈ উভতি যোৱাত আপত্তি নথকা ভিছাৰ গৰাকী ১৩৫জন, ৭৫ জন ভাৰতীয় নাগৰিক, ১১জন NORI ভিছাৰ গৰাকীৰ পত্নী অথবা স্বামী, জেনেৰেল ভিছাৰ গৰাকী আৰু NORI ভিছাৰ গৰাকীৰ সৈতে পাকিস্তানলৈ যোৱা ১৫ জন ভাৰতীয়ক চলিত বৰ্ষৰ ২৩ নৱেম্বৰত এই সুবিধা প্ৰদান কৰা হ'ব।

যোৱা মাহত ভাৰতীয় উচ্চায়ুক্তই ঘোষণা কৰিছিল যে, মুঠ ১৩৩ গৰাকী ভাৰতীয় নাগৰিক ১৯ অক্টোবৰত পাকিস্তানৰ পৰা ভাৰতলৈ উভতি যাবলৈ সাজু আছে। উচ্চায়ুক্তই ভাৰতীয় নাগৰিকসকলক নিৰ্ধাৰিত তাৰিখ আৰু সময়ত ৱাঘা সীমান্তত উপস্থিত হ'বলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিল। ছেপ্টেম্বৰ মাহত উচ্চায়ুক্তই কৈছিল যে, তেওঁলোকে ৩৬৩ NORI ভিছাৰ গৰাকী আৰু ৩৭ ভাৰতীয়ক স্বদেশলৈ উভতি যোৱাত সুবিধা প্ৰদান কৰি আছে।

লগতে পঢ়ক:বিবাদমান গিলগিট-বাল্তি​স্তান নিৰ্বাচনত পি টি আইৰ অগ্ৰগতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.