ETV Bharat / international

আফগানিস্তান সেনাৰ হাতত নিহত ২০ তালিবানী সন্ত্ৰাসবাদী

author img

By

Published : Mar 3, 2021, 9:40 PM IST

আফগানিস্তান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে কাণ্ডাহাৰৰ আৰ্ঘাণ্ডাব জিলাত সংঘটিত সংঘৰ্ষত আফগান ৰাষ্ট্ৰীয় সেনাৰ হাতত নিহত হয় সন্ত্ৰাসবাদী কেইজন আৰু তেওঁলোকৰ কিছু পৰিমাণে অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদো ধ্বংস কৰা হৈছে ।

আফগানিস্তান সেনাৰ হাতত নিহত ২০ তালিবানী সন্ত্ৰাসবাদী
আফগানিস্তান সেনাৰ হাতত নিহত ২০ তালিবানী সন্ত্ৰাসবাদী

নিউজ ডেস্ক,৩ মাৰ্চ: যুদ্ধ সদৃশ পৰিৱেশ অব্যাহত আছে আফগানিস্তানত । ২ মাৰ্চত কাণ্ডাহাৰ প্ৰদেশত আফগান নিৰাপত্তা বাহিনীৰ হাতত নিহত হয় প্ৰায় ২০ জন তালিবানী সন্ত্ৰাসবাদী । আফগানিস্তান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে কাণ্ডাহাৰৰ আৰ্ঘাণ্ডাব জিলাত সংঘটিত সংঘৰ্ষত আফগান ৰাষ্ট্ৰীয় সেনাৰ হাতত নিহত হয় সন্ত্ৰাসবাদী কেইজন আৰু তেওঁলোকৰ কিছু পৰিমাণে অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদো ধ্বংস কৰা হৈছে ।

আনহাতে, আফগান কমাণ্ডো বাহিনীয়ে মঙলবাৰে হেৰাট প্ৰদেশৰ তালিবানী কাৰাগাৰৰ পৰা ২৭ জন সামৰিক সদস্য আৰু সাত জন অসামৰিক লোকক মুক্ত কৰি আনিবলৈ সক্ষম হয় । আফগানিস্তানৰ ৰাষ্ট্ৰপতিৰ জ্যেষ্ঠ উপদেষ্টা হাজী নাজিৰ আহমাদজাই মঙলবাৰে এক সাক্ষাৎকাৰত উল্লেখ কৰা মতে আফগানিস্তান চৰকাৰ আৰু তালিবানীৰ শান্তি আলোচনা সম্পূৰ্ণ ব্যৰ্থ হ'ব যদিহে হিংসাত্মক কাৰ্যকলাপ হ্ৰাস নহয় আৰু যুদ্ধবিৰতি ৰূপায়ণ নহয় । যুদ্ধ বিৰতি নোহোৱালৈকে আলোচনাই কোনো কাম নকৰে, এয়া কেৱল সময়ৰ অপচয় বুলি মন্তব্য কৰে আহমাদজাই ।

দ্বিতীয় পৰ্যায়ৰ আলোচনা কিয় পলম হৈছে সেই বিষয়ে মন্তব্য কৰি তেওঁ কয় যে কাবুলৰ প্ৰতিনিধি দল কাটাৰৰ ৰাজধানী দোহাত আছে যিয়ে আলোচনা অব্যাহত ৰাখিবলৈ সাজু হৈ আছে ।

লগতে পঢ়ক:গোলকীয় প্ৰত্যাহ্বানক লৈ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে কমলা হেৰিছৰ আলোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.