ETV Bharat / international

জাপানত বিধ্বংসী "হাগিবিছ"ৰ প্ৰকোপত মৃত্যু 14 জনৰ - জাপানৰ এটি পথৰ অৱস্থা

সাগৰীয় ঘূৰ্ণিবতাহ হাগিবিছে ধ্বংসলীলা চলাইছে জাপানত ৷ হাগিবিছৰ প্ৰকোপত বৰ্তমানলৈ দেশখনত 14গৰাকী লোক নিহত হোৱাৰ বিপৰীতে প্ৰায় 10 লাখ লোকক নিৰাপদ ঠাইলৈ স্থানান্তৰ কৰিছে দেশখনৰ সেনাই ৷

জাপানক জোকাৰি যোৱা হাগিবিছৰ ধ্বংসলীলা
author img

By

Published : Oct 13, 2019, 7:27 PM IST

নিউজ ডেস্ক, 13 অক্টোবৰঃ জাপানত ধ্বংসলীলা চলাইছে সাগৰীয় ঘূৰ্ণিবতাহ হাগিবিছে ৷ জাপানৰ টকিঅ' চহৰকে ধৰি প্ৰায়বোৰ অঞ্চলতে হাগিবিছৰ প্ৰকোপ পৰিলক্ষিত হৈছে ৷

হাগিবিছৰ পৰৱৰ্তী সময়ত জাপান
হাগিবিছৰ পৰৱৰ্তী সময়ত জাপান
ইতিমধ্যে হাগিবিছৰ প্ৰকোপত পৰি দেশখনৰ 14গৰাকীকৈ লোক নিহত হৈছে ৷ আনহাতে প্ৰায় 10 লাখ লোকক নিৰাপদ ঠাইলৈ স্থানান্তৰ কৰিছে জাপান সেনাই ৷ ঘূৰ্ণিবতাহৰ প্ৰতি লক্ষ্য কৰিয়ে দেশখনে বাতিল কৰিছে বহুকেইখন অন্তৱৰ্তী ৰে'লৰ লগতে আন্তঃৰাষ্ট্ৰীয় তথা ঘৰুৱা বিমানসেৱা ৷
জাপানৰ এটি পথৰ অৱস্থা
জাপানৰ এটি পথৰ অৱস্থা

ঘূৰ্ণিবতাহৰ ফলত অধিক বেছি ক্ষতিগ্ৰস্থ হৈছে মধ্য জাপানৰ নাগানো চহৰ ৷ ঘূৰ্ণিবতাহৰ ফলত চহৰখনৰ চিকুমা নদীৰ বান্ধ চিঙি যোৱাৰ লগতে বহু লক্ষাধিক লোক গৃহহীন হৈ পৰে ৷ ইতিমধ্যে সেনাই উক্ত অঞ্চলত উদ্ধাৰকাৰ্য অব্যাহত ৰাখিছে ৷

হাগিবিছৰ ধ্বংসলীলা
হাগিবিছৰ ধ্বংসলীলা

নাগানো চহৰৰ আপদকালীন সেৱা বিভাগৰ বিষয়া ইয়াসুবিবো ইয়ামাগুচিয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা তথ্য অনুসৰি, সৰ্বমুঠ 427 টা পৰিয়ালৰ প্ৰায় 1417 জন লোকক বৰ্তমানলৈ উদ্ধাৰ কৰা হৈছে ৷ ৰাতিৰ ভিতৰতে প্ৰায় 7 মিলিয়ন লোকক নিৰাপদ ঠাইলৈ স্থানান্তৰ কৰিব জাপান চৰকাৰে ৷

লগতে পঢ়কঃ জাপানৰ হাগিবিছ ঘূৰ্ণীবতাহ : প্ৰধানমন্ত্ৰী মোডীৰ সমবেদনা জ্ঞাপন

শনিবাৰে দিনৰ ভাগত জাপানৰ উপকূলত খুন্দা মাৰে ঘূৰ্ণিবতাহ হাগিবিছে ৷ 216 কিলোমিটাৰ প্ৰতি ঘন্টা বেগত অহা হাগিবিছ হৈছে বিগত 60 বছৰত জাপানৰ আটাইতকৈ বিধ্বংসী সাগৰীয় ঘূৰ্ণিবতাহ ৷

  • I offer condolences on behalf of all Indians on the loss of life caused by super-typhoon #Hagibis in Japan. I wish early recovery from the damage and devastation caused by this natural calamity.

    — Narendra Modi (@narendramodi) October 13, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে জাপানত সাগৰীয় ঘূৰ্ণিবতাহৰ প্ৰকোপত নিহত হোৱা লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইট কৰি দেশখনৰ ৰাইজৰ লগতে চৰকাৰক সমবেদনা জ্ঞাপন কৰে ৷

Intro:Body:

জাপানত বিধ্বংসী "হাগিবিছ"ৰ প্ৰকোপত মৃত্যু 14 জনৰ 

সাগৰীয় ঘূৰ্ণিবতাহ হাগিবিছে ধ্বংসলীলা চলাইছে জাপানত ৷ হাগিবিছৰ প্ৰকোপত বৰ্তমানলৈ দেশখনত 14গৰাকী লোক নিহত হোৱাৰ বিপৰীতে প্ৰায় 10 লাখ লোকক নিৰাপদ ঠাইলৈ স্থানান্তৰ কৰিছে দেশখনৰ সেনাই ৷ 

নিউজ ডেস্ক, 13 অক্টোবৰঃ জাপানত ধ্বংসলীলা চলাইছে সাগৰীয় ঘূৰ্ণিবতাহ হাগিবিছে ৷ জাপানৰ টকিঅ' চহৰকে ধৰি প্ৰায়বোৰ অঞ্চলতে হাগিবিছৰ প্ৰকোপ পৰিলক্ষিত হৈছে ৷ 

ইতিমধ্যে হাগিবিছৰ প্ৰকোপত পৰি দেশখনৰ 14গৰাকীকৈ লোক নিহত হৈছে ৷ আনহাতে প্ৰায় 10 লাখ লোকক নিৰাপদ ঠাইলৈ স্থানান্তৰ কৰিছে জাপান সেনাই ৷ ঘূৰ্ণিবতাহৰ প্ৰতি লক্ষ্য কৰিয়ে দেশখনে বাতিল কৰিছে বহুকেইখন অন্তৱৰ্তী ৰে'লৰ লগতে আন্তঃৰাষ্ট্ৰীয় তথা ঘৰুৱা বিমানসেৱা ৷ 

ঘূৰ্ণিবতাহৰ ফলত অধিক বেছি ক্ষতিগ্ৰস্থ হৈছে মধ্য জাপানৰ নাগানো চহৰ ৷ ঘূৰ্ণিবতাহৰ ফলত চহৰখনৰ চিকুমা নদীৰ বান্ধ চিঙি যোৱাৰ লগতে বহু লক্ষাধিক লোক গৃহহীন হৈ পৰে ৷ ইতিমধ্যে সেনাই উক্ত অঞ্চলত উদ্ধাৰকাৰ্য অব্যাহত ৰাখিছে ৷ 

নাগানো চহৰৰ আপদকালীন সেৱা বিভাগৰ বিষয়া ইয়াসুবিবো ইয়ামাগুচিয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা তথ্য অনুসৰি, সৰ্বমুঠ 427 টা পৰিয়ালৰ প্ৰায় 1417 জন লোকক বৰ্তমানলৈ উদ্ধাৰ কৰা হৈছে ৷ ৰাতিৰ ভিতৰতে প্ৰায় 7 মিলিয়ন লোকক নিৰাপদ ঠাইলৈ স্থানান্তৰ কৰিব জাপান চৰকাৰে ৷ 

শনিবাৰে দিনৰ ভাগত জাপানৰ উপকূলত খুন্দা মাৰে ঘূৰ্ণিবতাহ হাগিবিছে ৷ 216 কিলোমিটাৰ প্ৰতি ঘন্টা বেগত অহা হাগিবিছ হৈছে বিগত 60 বছৰত জাপানৰ আটাইতকৈ বিধ্বংসী সাগৰীয় ঘূৰ্ণিবতাহ ৷ 

আনহাতে জাপানত সাগৰীয় ঘূৰ্ণিবতাহৰ প্ৰকোপত নিহত হোৱা লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইট কৰি দেশখনৰ ৰাইজৰ লগতে চৰকাৰক সমবেদনা জ্ঞাপন কৰে ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.