ETV Bharat / international

মাৰ্কিন যুক্তৰাষ্ট্ৰত দাবানলে দিশহাৰা কৰিছে সহস্ৰাধিক লোকক

author img

By

Published : Jun 17, 2021, 10:33 PM IST

ৰবাৰ্টছ’ন ড্ৰ ফায়াৰ (Robertson Draw Fire) নামৰ এক দাবানলৰ ফলত 2000ৰো অধিক নিবাসীয়ে আমেৰিকা (US)ৰ ম’ণ্টানাৰ ক্ষুদ্ৰ চহৰ ৰেড ল’জ (Red Lodge)ত অনাহাৰে ঘূৰি আছে ৷ ইয়াৰ মাজৰে 450 গৰাকীক ঠাইখনৰ পৰা ওলাই যাবলৈ নিৰ্দেশ দিয়া হয় ৷

Wildfire in US
মাৰ্কিন যুক্তৰাষ্ট্ৰত দাবানল

ইণ্টাৰনেশ্যনেল ডেস্ক,17 জুন : আমেৰিকা যুক্তৰাষ্ট্ৰ (US)ৰ ম’ণ্টানাৰ ক্ষুদ্ৰ চহৰ ৰেড ল’জ (Red Lodge)ত অনাহাৰে ঘূৰি আছে 2000ৰো অধিক নিবাসী ৷ কিয়নো ৰবাৰ্টছ’ন ড্ৰ ফায়াৰ (Robertson Draw Fire) নামৰ এক দাবানলে দিশহাৰা কৰিছে এইসকল লোকক ৷ ইয়াৰে ভিতৰত 450 গৰাকী লোকক সেই ঠাইৰ পৰা ওলাই যাবলৈ নিৰ্দেশ দিয়া হয় ৷

কাষ্টাৰ নেশ্যনেল ফৰেষ্ট (Custer Gallatin National Forest)ৰ ফায়াৰ ইনফ’ৰমেশ্যন অফিচাৰ (Fire Information Officer) বিলী চাপমেনে ম’ণ্টানা পাব্লিক ৰেডিঅ’ (MTPR)যোগে কয় যে, বৰ্তমানলৈকে ক্ষয়-ক্ষতি সন্দৰ্ভত কোনো তথ্য পোৱা নাই ৷ ঝিনহুৱা নিউজ এজেন্সি (Xinhua News Agency)য়ে এই কথা সদৰি কৰে ৷

উল্লেখ্য যে, দেওবাৰে প্ৰজ্বলন হোৱা জুই, মঙলবাৰে তীব্ৰগতিত বলা বতাহৰ বাবে এই ঘটনা সংঘটিত হৈছে ৷ বুধবাৰলৈ মুঠ 21,000 একৰ ভূমি বনজুয়ে আঁৱৰি ধৰে ৷ অনলাইনযোগে প্ৰচাৰ হোৱা ফটোত জুয়ে সক্ৰিয় ৰূপত পাহাৰীয়া অঞ্চলত সম্প্ৰসাৰিত হোৱা পৰিলক্ষিত হৈছে ৷ InciWeb নামৰ এক তথ্য প্ৰণালীয়ে ইংগিত দিয়া অনুসৰি, এই বনজুয়ে ৰাজ্য়ৰ প্ৰায় 5 খন বৃহৎ জংঘল জ্বলাই দিয়ে ৷

লগতে পঢ়ক : 30 জুনলৈ ভাৰতৰ সৈতে আন্তৰ্জাতিক সীমান্ত বন্ধ ৰখাৰ সিদ্ধান্ত বাংলাদেশৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.