ETV Bharat / international

COVID-19 সংক্ৰমণ হ্ৰাস পোৱা অঞ্চলত পুনৰ উত্থান হ'ব পাৰে : WHO

author img

By

Published : May 26, 2020, 4:36 PM IST

COVID-19 ৰ সংক্ৰমণ হ্ৰাস পোৱা অঞ্চলত পুনৰ উত্থান হ'ব পাৰে বুলি WHO ৰ সতৰ্কবাণী প্ৰেৰণ ৷ হঠাৎ দ্বিতীয়বাৰৰ বাবে মহামাৰীৰ ঢৌ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷

WHO ৰ সতৰ্কবাণী প্ৰেৰণ
COVID-19 সংক্ৰমণ হ্ৰাস পোৱা অঞ্চলত পুনৰ উত্থান হ'ব পাৰে : WHO

ইন্টাৰনেশ্যনেল ডেস্ক, 26 মে': বিশ্ব স্বাস্থ্য সংস্থাই (WHO) সতৰ্কবাণী প্ৰেৰণ কৰিছে যে, COVID-19 ৰ প্ৰভাৱ হ্ৰাস পোৱা দেশসমূহত সচেতনতাৰ দিশত শিথিলতা প্ৰদান কৰিলে হঠাৎ দ্বিতীয়বাৰৰ বাবে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব পাৰে ৷ সোমবাৰে WHO ৰ আপাতকালীন স্বাস্থ্য অভিযানৰ কাৰ্যকৰী নিৰ্দেশক মাইকেল ৰিয়ানে সংবাদ মেল সম্বোধন কৰি কয়, "সমগ্ৰ বিশ্বতে বৰ্তমান আমি কৰ'ণা ভাইৰাছৰ প্ৰথমটো ঢৌৰ মধ্যভাগত আছো ৷ আমি এনে এক পৰ্যায়ত আছো য'ত ৰোগবিধ ভয়ংকৰভাৱে বৃদ্ধি পাই আছে ৷"

সাংবাদিকক তেওঁ কয় যে, এনেদৰে বহু মহামাৰী আহে ৷ যিবোৰ ঠাইত ৰোগৰ প্ৰভাৱ হ্ৰাস পাইছে সেই ঠাইবোৰত এই বছৰৰ অন্তত পুনৰ ৰোগ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷ সতৰ্কমূলক ব্যৱস্থাসমূহত শিথিলতা প্ৰদান কৰাৰ ফলত দ্বিতীয়বাৰৰ বাবে এই ৰোগৰ ঢৌৱে চুই যাব পাৰে বিভিন্ন ঠাইক ৷

ৰিয়ানে কয়, "আমি এই বিষয়েও জ্ঞাত থাকিব লাগে যে, ৰোগবিধ যিকোনো সময়তে বৃদ্ধি পাব পাৰে ৷ আমি এতিয়াই ভাবিব নালাগে যে, ৰোগবিধ ক্ৰমান্বয়ে হ্ৰাস পাব ৷ সেয়েহে কৰ'ণা ভাইৰাছৰ দ্বিতীয় ঢৌ যিকোনো সময়তে আৰম্ভ হ'ব পাৰে"

ইনফ্লুৱেঞ্জা বিয়পাৰ ছিজনত কৰ'ণা ভাইৰাছ দ্বিতীয় বাৰৰ বাবে সংক্ৰমণ হ'ব পাৰে বুলি মন্তব্য কৰে ৰিয়ানে ৷ তেওঁ কয় যে, ইনফ্লুৱেঞ্জাৰ সময়ত ৰোগ নিয়ন্ত্ৰণত যিহেতু জটিলতাৰ সন্মুখীন হোৱা যায় সেয়েহে কৰ'ণা ভাইৰাছ সংক্ৰমণ হ'ব পাৰে ৷

তেওঁ কয়, "ইউৰোপ আৰু নৰ্থ আমেৰিকাৰ দেশসমূহে ৰাজহুৱা স্বাস্থ্য আৰু সামাজিক দূৰত্ব, পৰ্যালোচনা, পৰীক্ষণ আদি অব্যাহত ৰাখিব লাগে ৷ দ্বিতীয়বাৰৰ বাবে এই ৰোগ বৃদ্ধি নাপাবৰ বাবে আমি ব্যাপক ৰণনীতি প্ৰস্তুত কৰি উলিওৱাত গুৰুত্ব প্ৰদান কৰিব লাগে ৷"

উল্লেখ্য যে, কৰ'ণা মহামাৰীৰ প্ৰভাৱ হ্ৰাস পোৱাৰ ফলত ইউৰোপিয়ান আৰু আমেৰিকাৰ ৰাজ্যসমূহে লকডাউন উঠাই লোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ WHO ৰ সংক্ৰমণজনিত ৰোগৰ মহামাৰী বিশেষজ্ঞ মাৰিয়া ভান কাৰখোৱেই কয়, "সকলো দেশে সতৰ্ক হৈ থকা উচিত ৷ সংক্ৰমণৰ ঘটনা সম্পৰ্কত খৰতকীয়াকৈ অনুসন্ধান লাভ কৰিবলৈ সকলো দেশে সাজু থকা উচিত ৷ ৰোগ নিয়ন্ত্ৰণত সফল হোৱা দেশসমূহেও সাজু থকা উচিত ৷ সুবিধা লাভ কৰিলে ভাইৰাছ বিধে পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিব ৷"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.