ETV Bharat / international

WHO য়ে প্ৰকাশ কৰা নাই ক'ৰণা অতিমাৰীৰ তদন্তৰ সবিশেষ

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্বাস্থ্য আৰু মানৱ সেৱা বিভাগৰ এগৰাকী বিষয়া গেৰেট গ্ৰিছবিয়ে অভিযোগ কৰিছে যে ক'ৰণা অতিমাৰীৰ উৎপত্তিৰ সৈতে জন্তুৰ যোগসূত্ৰ থকাৰ সন্দৰ্ভত তদন্তৰ বাবে WHO য়ে লোৱা অভিযানৰ চৰ্তাৱলীৰ তথ্যসমূহ অন্য সদস্য ৰাষ্ট্ৰৰ সৈতে শ্বেয়াৰ কৰা নাই ৷

WHO য়ে প্ৰকাশ কৰা নাই ক'ৰণা অতিমাৰীৰ তদন্তৰ সবিশেষ
WHO য়ে প্ৰকাশ কৰা নাই ক'ৰণা অতিমাৰীৰ তদন্তৰ সবিশেষ
author img

By

Published : Nov 11, 2020, 3:36 PM IST

জেনেভা, 11 নৱেম্বৰ: সংযুক্ত ৰাষ্ট্ৰৰ এগৰাকী চৰকাৰী বিযয়াই মঙলবাৰে এক অভিযোগ উত্থাপন কৰি কয় যে বিশ্ব স্বাস্থ্য সংস্থা (WHO) য়ে চীনলৈ ক'ৰণা ভাইৰাছ উৎপত্তিৰ সৈতে জন্তুৰ যোগসূত্ৰ থকাৰ সন্দৰ্ভত পৰিকল্পিতভাৱে পঠোৱা অভিযানৰ চৰ্তসমূহৰ তথ্য প্ৰকাশ কৰা নাই ৷ সংযুক্ত ৰাষ্ট্ৰৰ স্বাস্থ্য আৰু মানৱসেৱা বিভাগৰ এগৰাকী বিষয়া গেৰেট গ্ৰিছবিয়ে এই অভিযোগ উত্থাপন কৰে ৷

এক ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে গ্ৰিছবিয়ে অভিযোগ কৰে যে বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্য ৰাষ্ট্ৰৰ সৈতে কোনো ধৰণৰ চৰ্তাৱলীৰ বিষয়ে WHO য়ে স্বচ্ছভাৱে আলোচনা কৰা নাছিল ৷ এক স্বচ্ছ আৰু গভীৰ অনুসন্ধানৰ জৰিয়তে ক'ভিড-19 ৰ উৎস বুজাটোহে প্ৰকৃততে কৰা উচিত ৷ শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাৰ নেতৃত্বত এটা দলে দীৰ্ঘদিনীয়া পৰিকল্পনাৰে ক'ৰণা ভাইৰাছৰ উৎপত্তি সন্দৰ্ভত জন্তুৰ উৎসক লৈ তদন্ত কৰাৰ উদ্দেশ্যে নামি পৰিছে ৷

একাংশ বিজ্ঞানীয়ে সন্দেহ প্ৰকাশ কৰে যে চীনে এতিয়াও ক'ৰণা অতিমাৰীৰ ওপৰত চলিত গৱেষণাৰ ওপৰত কোনোধৰণৰ তথ্য প্ৰদান কৰা নাই ৷ আমেৰিকাৰ এই আপত্তি বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা ক'ভিড -19 ৰ বিশ্বব্যাপি প্ৰতিক্ৰিয়াৰ মূল্যাংকন কৰাৰ উদ্দেশ্যে গঠন কৰা এখন স্বতন্ত্ৰ পেনেল হিচাপে আহিছে যিয়ে কৈছে যে ভৱিষ্যতে মহামাৰী প্ৰোৰতিৰোধ কৰিবলৈ মাৰ্কিন স্বস্থ্য সংস্থাৰ পৰ্যাপ্ত শক্তি আছেনে নাই বিবেচনা কৰি আছে ৷

নিউজিলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী হেলেন ক্লাৰ্কে কয় যে এই দলটোৱে বিশেষভাৱে প্ৰথম ক'ৰণা ভাইৰাছ সতৰ্কতা আৰু তাৰ প্ৰতি অহা প্ৰতিক্ৰিয়া সন্দৰ্ভত এক সঠিক ক্ৰম স্থাপন কৰাত আগ্ৰহী ৷ এই স্বতন্ত্ৰ পেনেল খনে কি ঘটিল, কি হৈ আছে আৰু কিয় হৈ আছে এই সকলো বিলাকৰ সন্দৰ্ভত আলোকপাত কৰিব ৷

লগতে পঢ়ক: দেশত 44,281 জনলৈ হ্ৰাস পালে ক'ৰণা আক্ৰান্ত ৰোগীৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.